টীয়ক,16 ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ত্ৰিংশতিতম বাৰ্ষিক অধিৱেশনখন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টীয়কৰ ৰাজৈ তিনিআলিত আয়োজন কৰা হৈছে ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেওবাৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মাৱলম্বী লোকে ৷
তিনিদিনীয়া কাৰ্যসূচীৰে টীয়কত অনুষ্ঠিত শংকৰদেৱ সমাজৰ অধিৱেশন - শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ত্ৰিংশতিতম বাৰ্ষিক অধিৱেশন
শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ত্ৰিংশতিতম বাৰ্ষিক অধিৱেশনখন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টীয়কৰ ৰাজৈ তিনিআলিত আয়োজন কৰা হৈছে ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেওবাৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । উক্ত শোভাযাত্ৰাত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ অধ্যক্ষ কোমোদ কছাৰীকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে সহযোগিতা আগবঢ়ায় ।

শংকৰদেৱ সমাজৰ অধিৱেশন
শংকৰদেৱ সমাজৰ অধিৱেশন
প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাই সহযোগিতা আগবঢ়োৱা এই শোভাযাত্ৰাত বিশেষকৈ চাহ বাগানৰ লোকসকলে খোল-তাল-শংখ তথা দিহানাম,হৰিনাম পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ ভক্তিময় কৰি তোলে । উক্ত শোভাযাত্ৰাত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ অধ্যক্ষ কোমোদ কছাৰীকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে সহযোগিতা আগবঢ়ায় ।
লগতে চাওকঃশক্তিপীঠত বলীউড তাৰকাৰ সমাহাৰ