তিতাবৰ, 8 জন: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন তিতাবৰৰ তিনি যুৱক ৷ দৰিদ্ৰতাৰ গৰাহত পৰি পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যৰে তিতাবৰ সীমান্তৱৰ্তী বেকাজান আৰু বনুৱা গাঁৱৰ পৰা চেন্নাইলৈ গৈছিল যুৱক তিনিজন ৷ কিন্তু আজি কেইবাদিনো ধৰি কোনো শুংসুত্ৰ নাই এবছৰ পূৰ্বেই ঘৰৰ পৰা ওলাই যোৱা অজিত দাস, ৰাকেশ পলং আৰু মুকুল আহমেদ নামৰ যুৱক কেইজনৰ ৷
যাৰ বাবে অসহায় হৈ পৰা পৰিয়াল কেইটাই নিজ সন্তানক বিচাৰি এতিয়া চকুলো টুকিছে ৷ উল্লেখ্য যে, অজিত দাস আৰু মুকুল আহমেদ চেন্নাইত কৰ্মৰত হৈ থকাৰ বিপৰীতে ৰাকেশ পলং নামৰ যুৱকজন বাংগালোৰত কৰ্মৰত হৈ আছিল বুলি জনাইছে পৰিয়ালে ৷