টীয়ক, 1 জুন :বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in Assam 2022) । গুণোৎসৱৰ বাবে সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহৰ শিক্ষক, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী ব্যস্ত হৈ পৰিছে ।
আনহাতে, যোৰহাট জিলাতো আৰম্ভ হৈছে তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ(Gunotsav 2022 at Jorhat)৷ প্ৰতিকূল বতৰকো নেওচি যোৰহাট জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ'ল তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ ৷ জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী এতিয়া ব্যস্ত গুণোৎসৱক লৈ । ব্যতিক্ৰম নহয় টীয়কতো ৷
টীয়কৰ পূব যোৰহাট শিক্ষা খণ্ডৰ অধীনস্থ ৰবিগাঁৱৰ বৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ প্ৰথম দিনটোত পুৱা ছাত্ৰ-ছাত্ৰী আৰু মাতৃগোটৰ সহযোগত বিদ্যালয়ৰ চৌহদ চাফাই কৰাৰ পাছতেই নিদিষ্ট সময়ত প্ৰাতঃসভা আৰম্ভ কৰে । প্ৰাতঃসভাতে অভিবাদন, স্থিতি, হস্তান্তৰ, আসন, ধ্যান প্ৰাৰ্থনা, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনকে আদি কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় । ইয়াৰ পিচতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দক্ষতাৰ স্ব-মূল্যায়ন কৰে শিক্ষকসকলে ।