অসম

assam

By

Published : Dec 3, 2019, 12:48 PM IST

ETV Bharat / state

টীয়কত ব্যতিক্ৰমী দৃশ্যঃ চোৰে দিলে চোৰক নীতি শিক্ষা

জগদুৱাৰ দলৈ গাঁৱৰ ৰঞ্জন বৰুৱা নামৰ ক্ষুদ্ৰ চাহ খেতিয়ক জনৰ চাহ বাগিছাৰ পৰা সোমবাৰে নিশা মূল্যৱান সাঁচি গছ চুৰ কৰিছিল ধৃত লোককেইজনে ৷ কিন্তু গছ কেইজোপা গাড়ীত উঠাবলৈ লওতেই ৰাইজে হাতে লোটে কৰায়ত্ব কৰে চোৰ কেইটাক যদিও আন তিনিটা চোৰ পলাবলৈ সক্ষম হয় ৷

Thief caught by local people at Teok
টীয়কত ব্যতিক্ৰমী দৃশ্যঃচোৰে দিছে চোৰক নীতিশিক্ষা

টীয়ক, 3 ডিচেম্বৰঃ টীয়কত মঙলবাৰে পুৱাই এক ব্যতিক্ৰমী দৃশ্যই আমোদ দিছে সকলোকে ৷ এজনে লোকে আন এজনক পিতিছে, দিছে নীতি শিক্ষা ৷ পিছে আমোদজনক কথাটো হ’ল পেচাত দুয়োজনেই সাঁচি চোৰ ৷ দীৰ্ঘদিন ধৰি টীয়কৰ জগদুৱাৰ অঞ্চলৰ পৰা সাঁচি গছ চুৰি কাৰ্যৰে জড়িত আছিল তিনিওজন ৷ মঙলবাৰে চোৰ তিনিজনৰ লগতে চোৰকেইটাক সহযোগ কৰা দুজনক আটক কৰি ৰাইজে গতাই দিয়ে আৰক্ষীক ৷

টীয়কত চোৰে দিছে চোৰক নীতিশিক্ষা

উল্লেখযোগ্য যে,জগদুৱাৰ দলৈ গাঁৱৰ ৰঞ্জন বৰুৱা নামৰ ক্ষুদ্ৰ চাহ খেতিয়ক জনৰ চাহ বাগিছাৰ পৰা সোমবাৰে নিশা মূল্যৱান সাঁচি গছ চুৰ কৰিছিল ধৃত লোককেইজনে ৷ কিন্তু গছ কেইজোপা গাড়ীত উঠাবলৈ লওতেই ৰাইজে চোৰ কেইটাক হাতে লোটে কৰায়ত্ব কৰে যদিও আন তিনিটা চোৰ পলাবলৈ সক্ষম হয় ৷ চোৰকেইটাই ব্যৱহাৰ কৰা এখন ইণ্ডিগো চি এচ গাড়ী আৰু হুণ্ডাই চাইন মটৰ চাইকেল ভাঙি চূৰমাৰ কৰাৰ লগতে আন এখন টাটা মেজিক গাড়ী জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৰাইজে ৷ জাহিৰ,বাবলু আৰু ৰাজীৱ নামৰ কাকজান দেৱান আৰু আৰন্ধৰা গাঁৱৰ তিনিটা চোৰক ৰাইজে কৰায়ত্ব কৰে যদিও ঋতু,ৱাকিব আৰু মাইনা নামৰ আন তিনিটা চোৰে পলায়ন কৰিবলৈ সক্ষম হয়।

আৰু পঢ়ক- বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ কয়লা ভর্তি ট্রাকসহ বহু সামগ্ৰী

ABOUT THE AUTHOR

...view details