অসম

assam

ETV Bharat / state

সম্পূৰ্ণ লকডাউনৰ মাজতে গড় আলিত চুৰিকাণ্ড - Theft case in Jorhat at lockdown nights etv bharat news

সোমবাৰে নিশা যোৰহাট নগৰৰ মাজ মজিয়াৰ গড় আলিৰ দত্ত ব্ৰাডাৰ্চ কোঃ নামৰ দোকানত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা ৷ চোৰে লুটি লিলে লক্ষাধিক টকাৰ সামগ্ৰী ৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত বিচাৰি দোকানৰ গৰাকীয়ে কাষ চাপিছে আৰক্ষীৰ ৷

Theft case in Jorhat at lockdown nights
সম্পূৰ্ণ লকডাউনৰ মাজতে গড় আলিত চুৰিকাণ্ড

By

Published : Jul 13, 2021, 2:25 PM IST

যোৰহাট, 12 জুলাই :যোৰহাটত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা ৷ সোমবাৰে নিশা যোৰহাট নগৰৰ মাজ মজিয়াৰ গড় আলিৰ এখন দোকানত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ দোকানখনৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখিয়াকৈ যোৰহাটতো বৃদ্ধি পাইছে ক’ভিড মহামাৰী প্ৰকোপ ৷ যাৰ বাবে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷ কিন্তু এই লক ডাউনৰ সুযোগ লৈছে চোৰে ৷

সম্পূৰ্ণ লকডাউনৰ মাজতে গড় আলিত চুৰিকাণ্ড

সান্ধ্য আইন আৰু লক ডাউনৰ মাজতে চোৰে যোৰহাটৰ গড় আলিৰ দত্ত ব্ৰাডাৰ্চ কোঃ নামৰ দোকানখনত চলায় হাত চাফাইৰ অভিযান ৷

দোকানৰ স্বতাধিকাৰীয়ে জনোৱা অনুসৰি, দোকানৰ পৰা চোৰে প্ৰায় ডেৰ লাখ টকাৰ ছাতি আৰু বেগ চুৰ কৰি লৈ যায় ৷ যাৰ বাবে দোকানখনৰ গৰাকী সমিত দত্তই কাষ চাপিছে আৰক্ষীৰ ৷ এই চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই এই চুৰিকাণ্ডৰ লগত জড়িত কোনো লোকক ৷

লগতে পঢ়ক:Viral video: ন বোৱাৰীৰ ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details