অসম

assam

ETV Bharat / state

Theft in Jorhat: যোৰহাটত ৩০ কাৰ্টন সুৰাৰ বটল ভাঙিলে চোৰে - Theft in Jorhat

যোৰহাটৰ কেছ এণ্ড কেৰী সুৰা বিপনীত চুৰি । ৪০ হাজাৰ টকা লৈ উধাও চোৰ ।

theft at liquor shop
সুৰা বিপনীত চোৰে লুট কৰিলে নগদ ধন

By

Published : Jul 22, 2023, 4:41 PM IST

সুৰা বিপনীত চোৰে লুট কৰিলে নগদ ধন

যোৰহাট, ২২ জুলাই :যোৰহাটৰ মাজমজিয়াত থকা কেছ এণ্ড কেৰী নামৰ সুৰা বিপণিত চোৰে লুট কৰিলে নগদ ধন । দুজনীয়া চোৰৰ দলটোৱে কাষৰে এখন ৱাল ভাঙি উক্ত সুৰা বিপণিখনত প্ৰৱেশ কৰি প্ৰথম অৱস্থাত ৩০ কাৰ্টনত খকা সুৰাৰ বটল ভাঙি লণ্ড-ভণ্ড কৰে । ইয়াৰ পিচতেই চোৰে কেচ কাউন্টাৰৰ পৰা প্ৰায় ৪০ হাজাৰ টকা লৈ উধাও হয় । চোৰ দুটাই CCTV ত তেওঁলোকৰ চেহেৰা যাতেই আৱদ্ধ হ'ব নোৱাৰে তাৰ বাবে মুখত কাপোৰে বান্ধি ৰাখিছিল ।

সুৰা বিপণিৰ পৰা চোৰ দুটা ওলাই যোৱা প্ৰাক্ক্ষণত এটা বিয়েৰ সেৱন কৰি থকা দৃশ্য় CCTVত স্পষ্ট হৈ পৰিছে । ইতিমধ্যে সুৰা বিপণিখনৰ স্বত্বাধিকাৰে এই ঘটনা সম্পৰ্কে যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে একেখন সুৰাৰ বিপণিত যোৱা ১২ জুলাইটো চোৰে লুটপাট চলাইছিল । তাৰ পিচতো চোৰ কৰায়ত্ব কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে যোৰহাট আৰক্ষী । এনেদৰে নগৰ মাজমজিয়াত আৰক্ষীয়ে গিজগিজাই থকা পিচতো চোৰ ধাৰাবাহিক লুট -পাটে চিন্তিত কৰি তুলিছে যোৰহাটবাসীক।

উল্লেখ্য যে, শেহতীয়াভাৱে যোৰহাট নগৰ চোৰ আৰু বিভিন্ন অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে । বিগত কিছুদিন ধৰি যোৰহাট নগৰত বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত হৈ আহিছে । চোৰৰ এনে অতপালি ৰোধ কৰাৰ ক্ষেত্ৰত যোৰহাট আৰক্ষী ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে । কেইদিনমান পূৰ্বে একখন বিপণিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো চোৰে লুট-পাত চলাইছিল । সেইবাবে এতিয়া নিৰাপত্তাহীনতা ভুগিছে যোৰহাটৰ হাজাৰ হাজাৰ লোকে ।

নিশা যোৰহাট নগৰৰ আশে-পাশে টহলদাৰী নিৰাপত্তাবাহিনী নিয়োজিত হৈ থকাৰ পিচতো চোৰৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত সফল হোৱা নাই যোৰহাট আৰক্ষীয় । ইতিমধ্যে নগৰখনৰ মজিয়াত চলি থকা লুট-পাটৰ পিচত ব্যৱসায়ীসকলে আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাইছে ।

লগতে পঢ়ক:AASU protests against OIL : দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ সন্মুখত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details