তিতাবৰ,17 নৱেম্বৰ: তিতাবৰ মহকুমা অন্তৰ্গত মাধপুৰ ওৰাং গাঁৱত তেল গেছ নিগমৰ তেল পৰিবাহী পাইপ ফুটা কৰি দীৰ্ঘ সময়ৰ পৰা বৃহৎ পৰিমাণৰ তেল চুৰি কৰা কাণ্ড পোহৰলৈ আহিছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৰহোলা তিতাবৰ ন-আলি সংযোগী পথৰ নিচেই কাষতে উক্ত ঘটনাটো সংঘটিত হয় । ওৰাং গাঁৱৰ নগা পাহাৰৰ পৰা নামি অহা সৰু নলাৰ তলত থকা অ এন জি চিৰ পাইপত ভেলল্ব লগাই কোনো এক দুষ্ট চক্ৰই এই কাৰ্য সম্পাদন কৰি আহিছিল ৷ তিতাবৰ আৰক্ষীয়ে আৰক্ষী বিষয়া জীৱেশ্বেৰ দাসৰ নেতৃত্বত অভিযান চলাই এই কাৰ্য ধৰা পেলায় ।
তিতাবৰত অ' এন জি চিৰ পৰিবাহী পাইপ ফুটা কৰি কৰা তেল চুৰিকাণ্ড ফাদিল - crude oil smuggling at Titabar
তিতাবৰত অ এন জি চিৰ তেল পৰিবাহী পাইপত ফুটা কৰি কৰা তেল হৰলুকীৰ কাণ্ড ফাদিল ৷ তিতাবৰ আৰক্ষীৰ অভিযানত ধৰা পৰে এই কাৰ্য ৷
তিতাবৰত অ এন জি চিৰ পৰিবাহী পাইপ ফুটা কৰি কৰা তেল চুৰিকাণ্ড ফাদিল
তিতাবৰ বৰহোলা অ এন জি চিৰ পৰা দৈনিক খাৰুৱা তেলসমূহ এই পাইপৰ যোগেদি যোৰহাটৰ চাৰিগাঁৱলৈ যায় আৰু তাৰ পৰা নুমলীগড় তেল শোধনগাৰলৈ প্ৰেৰণ কৰা হয় । ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান আৰক্ষীৰ অভিযান অব্যাহত আছে ।
আৰু পঢ়ক সন্ধান নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ