অসম

assam

ETV Bharat / state

মাস্ক বিক্ৰীয়ে আশাৰ বতৰা আনিছে ক্ষুদ্ৰ ব্যৱসায়ীলৈ - n95 মাস্ক

লকডাউনৰ সময়তে ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে আৰম্ভ হ'ল নতুন ব্যৱসায় । গামোছাৰে তৈয়াৰী মাস্ক বিক্ৰীয়ে আশা কঢ়িয়াই আনিছে ক্ষুদ্ৰ ব্যৱসায়ীলৈ । ঘৰুৱাভাৱে নিৰ্মাণ কৰা এই মাস্কবোৰ এতিয়া কম মূল্যতে সহজলভ্য হৈ পৰিছে বজাৰত ।

লক ডাউন
মাস্ক বিক্ৰীয়ে আশাৰ বতৰা আনিছে ক্ষুদ্ৰ ব্যৱসায়ীলৈ

By

Published : May 28, 2020, 4:34 PM IST

যোৰহাট, ২৮ মে': সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলতেই প্ৰায় বন্ধ হৈ পৰিছে একাংশ গতানুগতিক ব্যৱসায় । আনহাতে, কৰ'ণা ভাইৰাছৰ পৰা সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা পাবলৈ সঘনাই হাত ধুৱা, সামাজিক দূৰত্ব বজাই ৰাখি কাম কৰাৰ উপৰিও মুখত মাস্ক পৰিধান কৰাটো অত্যন্ত আৱশ্যকীয় ।

মাস্ক বিক্ৰীয়ে আশাৰ বতৰা আনিছে ক্ষুদ্ৰ ব্যৱসায়ীলৈ

কিন্তু ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে পৰিগণিত n95 মাস্কৰ অভাৱ দেখা গৈছে বজাৰত । যাৰ পৰিপ্ৰেক্ষিতত অসমীয়াৰ স্বাভিমান গামোছাৰে তৈয়াৰী মাস্কে এতিয়া ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত আনিছে আশাৰ বতৰা । ঘৰুৱাভাৱে নিৰ্মাণ কৰা মাস্ক বোৰ এতিয়া বজাৰত সহজলভ্য হৈ পৰিছে । অধিক দামত নহয় ২০ ৰ পৰা ৪০ টকাৰ ভিতৰত বিক্ৰী কৰা হয় এই মাস্কবোৰ । যাৰ বাবে ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে পৰিগণিত সামগ্ৰীবিধ বিক্ৰী কৰি লাভাম্বিত ক্ষুদ্ৰ ব্যৱসায়ী ।

মাস্ক বিক্ৰীয়ে আশাৰ বতৰা আনিছে ক্ষুদ্ৰ ব্যৱসায়ীলৈ

ABOUT THE AUTHOR

...view details