টীয়ক,6 আগষ্টঃ ৰাজ্যত এতিয়া ইটোৰ পিছত আনটো সমস্যাই দেখা দিছে ৷ এফালে যদি বানৰ আতংক আনফালে আকৌ কৰ'ণাৰ আতংক ৷ তাৰ সমান্তৰালভাৱে পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত বাট-পথৰ দুৰৱস্থাৰ বাবে যমৰ যান্ত্ৰণা ভুগিছে অঞ্চলটোৰ ৰাইজে ৷
পথৰ দুৰৱস্থাৰ বাবে যমৰ যান্ত্ৰণা ভুগিছে জাঁজীমুখবাসীয়ে - suffering
বিগত সময়ছোৱাত নৈ পৰীয়া অঞ্চলটোত তিনিটাকৈ সংহাৰী বানে ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ বৰ্তমানে অঞ্চলটোত পানী কমাৰ ফলত ক্ৰমাৎ ৰাইজৰ জনজীৱন সুস্থিৰ হ'বলৈ আৰম্ভ কৰিছে যদিও জাঁজীমুখৰ পথসমূহৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে বানপীড়িত ৰাইজে ৷ বিশেষকৈ প্লেটফ'ৰ্ম-বেজৰছিগা হাতীশাল সংযোগী পথটো বানে ছিঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷
উল্লেখযোগ্য যে, বিগত সময়ছোৱাত নৈ পৰীয়া অঞ্চলটোত তিনিটাকৈ সংহাৰী বানে ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ বৰ্তমানে অঞ্চলটোত পানী কমাৰ ফলত ক্ৰমাৎ ৰাইজৰ জনজীৱন সুস্থিৰ হ'বলৈ আৰম্ভ কৰিছে যদিও জাঁজীমুখৰ পথসমূহৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে বানপীড়িত ৰাইজে ৷ বিশেষকৈ প্লেটফৰ্ম-বেজৰছিগা হাতীশাল সংযোগী পথটো বানে ছিঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷ যাৰ পৰিপ্ৰেক্ষিতত টি এম পি কেৰ নেতা ৰূপম কায়ুমে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰি যাতায়তৰ সুবিধা কৰি দিবলৈ আহ্বান জনায় ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়কঃসীমান্তত নেপালৰ হেলিপেড নিৰ্মাণ, সষ্টম হৈছে ভাৰতীয় সেনা