অসম

assam

ETV Bharat / state

চৰকাৰ আহিল আৰু গ'ল, টীয়কৰ মেলেংছিগাত নিৰ্মাণ নহ'ল স্থায়ী দলং

নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ মাজতেই সীমাবদ্ধ থাকিল টীয়কৰ মেলেংছিগাত স্থায়ী দলং নিৰ্মাণৰ কথা ৷ অতিশীঘ্ৰে অঞ্চলটোত স্থায়ী দলং নিৰ্মাণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ স্থানীয় ৰাইজৰ ৷

By

Published : Aug 23, 2019, 10:13 AM IST

চৰকাৰ আহিল আৰু গ'ল, পিছে টীয়কৰ মেলেংছিগাত নিৰ্মাণ নহ'ল স্থায়ী দলং

টীয়ক, 23 আগষ্টঃ যোৰহাট জিলাৰ অন্তৰ্গত টীয়কৰ মেলেংছিগাত স্থায়ী দলঙৰ অভাৱত বৃহত্তৰ অঞ্চলৰ ৰাইজে টুলুঙা নাৱেৰে মেলেংছিগা নদীৰ ওপৰেৰে বিপদসংকুলভাৱে যাতায়ত কৰিব লগা হৈ আহিছে ৷ অভিযোগ মতে, পূৰ্বতে উক্ত স্থানত এখন কাঠৰ দলং আছিল যদিও নদীৰ বাঢ়নী পানীয়ে প্ৰায় পোন্ধৰ বছৰৰ আগতেই দলং খন উটুৱাই নিয়াৰ পাছত আজি পৰ্যন্ত নতুন দলং নিৰ্মাণ নহ'ল ৷ তাৰ পৰিৱৰ্তে দলং নিৰ্মাণৰ বিষয়টো প্ৰত্যেকটো ৰাজনৈতিক দলৰে কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ মাজতেই সীমাবদ্ধ হৈ আহিছে ৷ সেয়ে দলঙৰ অভাৱত দুৰ্ভোগ ভুগি থকা অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে অতিশীঘ্ৰে মেলেংছিগাত এখন স্থায়ী দলং নিৰ্মাণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে ৷

চৰকাৰ আহিল আৰু গ'ল, পিছে টীয়কৰ মেলেংছিগাত নিৰ্মাণ নহ'ল স্থায়ী দলং

ABOUT THE AUTHOR

...view details