অসম

assam

By

Published : Aug 29, 2020, 8:53 PM IST

ETV Bharat / state

লক ডাউনৰ সময়ত বিপৰীত ছবি, সৰ্বকালৰ উচিত মূল্য লাভ কেচা চাহপাতৰ

দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ চাহ খেতিয়কে কেচা চাহপাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে শনিবাৰে সৰ্বকালৰ উচিত মূল্য লাভ কৰা বুলি মত প্ৰকাশ কৰে ৰঙাজানৰ ক্ষুদ্ৰ চাহ খেতিয়ক মিঠু বৰুৱাই ৷ প্ৰতি কিল'গ্ৰাম চাহপাতত 40 ৰ পৰা 45 টকা লাভ কৰে বুলি মন্তব্য কৰে ব্যৱসায়ী গৰাকীয়ে ৷

কেচা চাহপাত
লক ডাউনৰ সময়ত বিপৰীত ছবি, সৰ্বকালৰ উচিত মূল্য লাভ কেচা চাহপাতৰ

যোৰহাট, 28 আগষ্টঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা সংক্ৰম ৰোধৰ বাবে চলা লক ডাউন সময়ত হোৱা লোকচানৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিব ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কে ৷ দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেচা পাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে লক্ ডাউনৰ অন্তত কেচা চাহপাতৰ সৰ্বকালৰ উচিত মূল্য লাভ কৰি এক প্ৰকাৰৰ অভিলেষ সৃষ্টি কৰা বুলি মত প্ৰকাশ কৰে যোৰহাট তিতাবৰ মহকুমাৰ ৰঙাজানৰ ক্ষুদ্ৰ চাহ খেতিয়ক মিঠু বৰুৱাই ৷ চাহ খেতিয়ক গৰাকীয়ে 40 ৰ পৰা 45 টকালৈ প্ৰতি কিল'গ্ৰাম কেচা চাহপাতৰ মূল্য লাভ কৰে বুলি জানিবলৈ দিয়ে ৷ যাৰ বাবে ৰাজ্যখনৰ প্ৰায় 60 হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মুখত হাঁহি বিৰিঙিছে বুলিও মত প্ৰকাশ কৰে খেতিয়ক গৰাকীয়ে ৷

লক ডাউনৰ সময়ত বিপৰীত ছবি, সৰ্বকালৰ উচিত মূল্য লাভ কেচা চাহপাতৰ

উল্লেখ্য যে, বিভিন্ন সময়ত কেচা চাহ পাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা, চৰকাৰৰ সৈতে আলোচনা, ফেক্টৰী মালিকৰ সৈতে আলোচনা কৰিও সফল নহোৱা সমস্যাটো কৰ'ণাই সমাধান কৰাই নহয় সৰ্বকালৰ বাবে উপযুক্ত মূল্য দিয়ে বুলি মত প্ৰকাশ কৰে ক্ষুদ্ৰ চাহ খেতিয়ক গৰাকীয়ে ৷

লক ডাউনৰ সময়ত বিপৰীত ছবি, সৰ্বকালৰ উচিত মূল্য লাভ কেচা চাহপাতৰ

লগতে পঢ়কঃ ন্যায়ালয়ৰ নিৰ্দেশ নমনা অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details