যোৰহাট,17 নৱেম্বৰ: PLANNED CITY যোৰহাটৰ এখন UNPLANNED ঠাই। য'ত প্ৰতিদিনেই দেখিবলৈ পোৱা যায় চৰম বিশৃংখলতা,নাই কোনো শৃংখলাবদ্ধতা ৷ যেনিয়ে চাব তেনিয়ে দেখিব বিশৃংখলতাৰে পূৰ্ণ জীৱন ৷ ৰাজপথ নে দৈনিক বজাৰ ধৰিবই নোৱাৰি ৷ চাৰিওফালে কেৱল তীব্ৰ যান-জঁট ৷ দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ তাৰ পাছতো কোনো কাণ সাৰ নাই যোৰহাট পৌৰসভাৰ ৷ ৰাজপথৰ ওপৰত বেপাৰীৰ ভীৰ ৷ পথটোৰে অহা যোৱা কৰিবলৈ বাট বিচাৰি নাপায় স্থানীয় ৰাইজ তথা ব্যৱসায়ী সকলে ৷
PLANNED CITY যোৰহাটৰ কদৰ্যময় পৰিৱেশ - সম্পূৰ্ণৰূপে নিমাত পৌৰসভা
প্ৰতিদিনেই বিশৃংখলতা বিৰাজ কৰিছে যোৰহাট চহৰত ৷ ৰাজপথ নে দৈনিক বজাৰ ধৰিবই নোৱাৰি ৷ চাৰিওফালে কেৱল তীব্ৰ যান-জঁট,হাই-উৰুমি ৷ কদৰ্যময় পৰিৱেশৰ মাজতে দিন অতিবাহিত কৰিছে স্থানীয় লোকে ৷ যোৰহাট পৌৰসভাক বিষয়তো অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ বিশৃংখলতাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেঞ্চ ৷
ৰাজপথৰ এনে বিশৃংখলতাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেঞ্চ ৷ কদৰ্যময় পৰিৱেশৰ মাজতে দিন অতিবাহিত কৰিছে স্থানীয় লোকসকলে ৷ বাৰাম্বাৰ যোৰহাট পৌৰসভাক বিষয়তো অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ সম্পূৰ্ণৰূপে নিমাত পৌৰসভা ৷ এই বজাৰখনতে বেপাৰ কৰি পৰিয়াল চলাই থকা স্থানীয় ব্যৱসায়ী সকলক আঁতৰাবলৈ কোৱা নাই কিন্তু চহৰ খন অলপ শৃংখলাবদ্ধ কৰি ৰাইজৰ বাবে উপযুক্ত কৰাৰ বাবেহে অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷ পৌৰসভাৰ সদিচ্ছাৰ অভাৱতে বজাৰখনে লৈছে বিশৃংখল ৰূপ ৷ গতিকে বিষয়তো গুৰুত্ব সহকাৰে লৈ বজাৰখন সুন্দৰ ভাৱে পৰিচালনা কৰিবলৈ পৌৰসভাক দাবী জনাইছে স্থানীয় ৰাইজে ৷