মাজুলী, 21 অক্টোবৰ : মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ তথা ভকত-বৈষ্ণৱ সকল মৰ্মাহত হৈ পৰিছে কিয়নো হেৰাই গ’ল 492 বছৰীয়া বকুল গছ জোপা । জনশ্ৰুতি অনুসৰি, ভোগপুৰ সত্ৰৰ ইতিহাসত সন্নিবিষ্ট থকা 1528 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত সত্ৰখনত বকুল গছজোপা শংকৰদেৱে ৰোপন কৰিছিল । কিন্তু হঠাৎ বকুল গছজোপাৰ আয়ুস সমাপ্তি ঘটাত সত্ৰখনৰ সত্ৰাধিকাৰৰ লগতে ভকত-বৈষ্ণৱ সকল হৈ পৰিছে মৰ্মাহত ৷
হেৰাই গ’ল ঐতিহাসিক ভোগপুৰ সত্ৰৰ 492 বছৰীয়া বকুল গছজোপা - সংবাদ মাধ্যম
হেৰাই গ’ল ঐতিহাসিক ভোগপুৰ সত্ৰৰ 492 বছৰীয়া বকুল গছজোপা ৷ ভোগপুৰ সত্ৰত উপস্থিত নগাঁৱৰ পৰা যোৱা প্ৰকৃতি বিজ্ঞানী ৷
ইফালে, 492 বছৰীয়া বকুল গছজোপা মৰি যোৱাৰ বাতৰি সংবাদ মাধ্যম যোগে জানিব পাৰি মাজুলীৰ ভোগপুৰ সত্ৰত উপস্থিত হৈছে নগাঁৱৰ প্ৰকৃতি বিজ্ঞানী বিজয় ভূঞা । ভূঞাৰ দাবী অনুসৰি, বৰদোৱাত 200 বছৰীয়া শিলিখা বৃক্ষ জোপাও জীৱিত কৰিব পৰা গৈছিল যিহেতুকে এই জোপাও নিশ্চয় জীয়াই তুলিব পৰা যাব বুলি তেওঁ আশাবাদী । পুৱাৰ ভাগত সত্ৰত উপষ্ঠিত হৈ প্ৰকৃতি বিজ্ঞানী গৰাকীয়ে পৰ্যবেক্ষণ কৰি গছজোপা জীৱিত কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক :11 বছৰৰ পাচত ৰাজধানী দিল্লীত আটাইতকৈ ঠাণ্ডা দিনৰ ৰেকৰ্ড ভংগ