অসম

assam

ETV Bharat / state

টীয়কত 'টাইগাৰ-37' মুকলি

টীয়কত জ্যোতি বৰা নামৰ এগৰাকী মহিলাই 'টাইগাৰ-37' নামৰ এক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰে ৷ এই কেন্দ্ৰটোত আইৰণ তথা মাল্টি দুই ধৰণৰে শৰীৰ চৰ্চা কৰিব পৰা ব্যৱস্থা আছে ৷ মহিলা-পুৰুষ উভয়ে এই কেন্দ্ৰটোত শৰীৰ চৰ্চা কৰিব পাৰিব ৷

Teok fitness center
টীয়কত 'টাইগাৰ-37' মুকলি

By

Published : Oct 20, 2020, 12:56 PM IST

টীয়ক,20অক্টোবৰ:মংগলবাৰে টীয়কত এগৰাকী মহিলাই 'টাইগাৰ-৩৭' নামেৰে পুৰুষ-মহিলা উভয়ৰ বাবে এক অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰা হয় ৷ মহিলা গৰাকী পেচাত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী,মহিলা গৰাকীৰ নাম জ্যোতি বৰা ৷ টীয়কৰ জগদুৱাৰৰ এই মহিলাগৰাকীয়ে কণ-কণ শিশু সকলক জীৱনৰ আদিপাঠ তথা মূল্যবোধৰ শিক্ষা প্ৰদানৰ সমান্তৰালকৈ নৱ প্ৰজন্মই নিজৰ শৰীৰ যাতে নিৰোগী কৰি ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে । এই কেন্দ্ৰত আইৰণ তথা মাল্টি দুই ধৰণৰে শৰীৰ চৰ্চা কৰিব পৰা ব্যৱস্থা আছে ৷ ইয়াৰ লগতে সংগীত চৰ্চা, যোগাসন আৰু বিশেষকৈ মহিলা সকলৰ বাবে আত্ম প্ৰতিৰক্ষা প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে বুলি মহিলা গৰাকীয়ে জানিবলৈ দিয়ে ৷ জ্যোতি বৰাৰ এই কাৰ্যই এতিয়া অঞ্চলটোৰ আন বহু মহিলাক স্বাৱলম্বী হোৱাৰ এক নতুন পথ দেখুৱাইছে ৷ মহিলা গৰাকীৰ কাৰ্যত উৎফুল্লিত টীয়কবাসী ৷

উল্লেখযোগ্য যে, এই শুভাৰম্ভণি অনুষ্ঠানত জ্যোতি বৰাৰ স্ব-ৰচিত 'স্বপ্ন সেউজ উপত্যকা' নামেৰে এখনি গীতৰ সংকলনো উন্মোচন কৰা হয় । এই অনুষ্ঠানত অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে:দলগাঁৱত ড্ৰাগছসহ আটক এজন লোক

ABOUT THE AUTHOR

...view details