আজিৰ পৰা আৰম্ভ হৈছে টেট পৰীক্ষা - TET Assam

09:49 November 10
সমগ্ৰ ৰাজ্যৰ লগতে টীয়কটো আজি টেট পৰীক্ষা
টীয়ক, 10 নৱেম্বৰ: সুদীৰ্ঘ বছৰৰ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ টীয়কটো দেওবাৰে অনুষ্ঠিত হৈছে টেট পৰীক্ষা ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হোৱা এই শিক্ষকৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষাত বৃহত্তৰ টীয়ক অঞ্চলৰ কেইবা শতাধিক যুৱক-যুৱতী অৱতীৰ্ণ হৈছে ৷ পুৱাৰ পৰা আৰম্ভ হোৱা টেট পৰীক্ষাত পৰীক্ষাৰ্থীসকলে যাৱতীয় সকলো লৈ শৃংখলাবদ্ধভাৱে শাৰী পাতি পৰীক্ষাত দিবলৈ অহা পৰিলক্ষিত হৈছে ।
উল্লেখযোগ্য যে, আবেদন কৰাৰ পূৰ্বে আৰু আবেদন কৰাৰ পাছত শিক্ষা বিভাগে টেট পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত নীতি নিয়মৰ সাল সলনি ঘটোৱাৰ কথা ঘোষণা কৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ যিয়েই নহওক, এই টেট পৰীক্ষাৰ জৰিয়তে শিক্ষাখণ্ডত অনাগত দিনত অতি স্বচ্ছতাৰে নিশ্চিতভাৱে এচাম মেধাবী শিক্ষকৰ পৰ্দাপন ঘটিব বুলি সাধাৰণ জনতা আশাবাদী ৷
08:12 November 10
টেটত অৱতীৰ্ণ হৈছে ২ লাখ ৩০ হাজাৰ ৪৪২ গৰাকী পৰীক্ষাৰ্থী
- আজিৰ পৰা আৰম্ভ হৈছে টেট পৰীক্ষা
- ৭ বছৰৰ পিছত পুনৰ চৰকাৰে অনুষ্ঠিত কৰিছে পৰীক্ষা
- ৰাজ্যৰ সৰ্বমুঠ ৫৮৭ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা
- টেটত অৱতীৰ্ণ হৈছে ২ লাখ ৩০ হাজাৰ ৪৪২ গৰাকী পৰীক্ষাৰ্থী
- ৫০–৬০ শতাংশ স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত ব্যৱহাৰ কৰা হ’ব জামাৰ
- পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী আৰু নিৰীক্ষকে ব্যৱহাৰ কৰিব নোৱাৰিব মোৱাইল ফোন