টীয়ক, 27 এপ্ৰিলঃ সমগ্ৰ ভাৰততে লক ডাউন ঘোষণা কৰাৰ ফলত প্ৰায় এমাহৰো অধিক সময় আবদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ অৱশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে আন্ত: জিলা পৰিবহনৰ লগতে অসমৰ বাহিৰত থকা ছাত্ৰ ছাত্ৰীসকলক স্ব-গৃহলৈ ঘূৰাই অনাৰো ব্যৱস্থা গ্ৰহণ কৰিছে। যদিও এতিয়াও বহি: ৰাজ্যত আবদ্ধ অসমৰ বহু যুৱক-যুৱতী । সুদুৰ পশ্চিমবংগৰ ২৪ দক্ষিণ পাৰগঞ্জ জিলাৰ ১৪৬ নৱদিগন্ত মুকুন্দপুৰত প্ৰথম পৰ্যায়ৰ লক ডাউনৰ পৰা একেটা কোঠাতে থাকিবলগা হৈছে অসমৰ যোৰহাট,শিৱসাগৰ,গোলাঘাট,বৰপেটা,তিনিচুকীয়া জিলাৰ লগতে নগালেণ্ড আৰু অৰুণাচলৰ ৷ কৰ্মসুত্ৰে কলকতাত থকা প্ৰায় কুৰিৰো অধিক যুৱক আবদ্ধ হৈ আছে।
কলকাতাত লক ডাউনত আবদ্ধ অসমৰ যুৱক - পাৰগঞ্জ জিলাৰ ১৪৬ নৱদিগন্ত মুকুন্দপুৰত
লক ডাউনৰ ফলত বহি: ৰাজ্যত আবদ্ধ অসমৰ যুৱক,আতংকিত হৈ চৰকাৰৰ সহায় বিচাৰি কাতৰ আহ্বান ৷
জানিব পৰা মতে তেওঁলোকে ইতিমধ্যে নিজ নিজ ঘৰলৈ আহিবলৈ বিমানৰ টিকটৰ বাবে সাঁচতীয়া আগধন দিব লগা হোৱাত এতিয়া খাদ্য সংকটত পৰিছে যুৱককেইজন। তদুপৰি দিনক দিনে ক'ৰণা যি হাৰত বৃদ্ধি পাইছে তাক লৈ এতিয়া শংকিত হৈ পৰিছে তেওঁলোক,একেটা ঘৰতে থাকিবলগীয়া হোৱাত চৰকাৰী নিৰ্দেশনাও মানিব পৰা নাই। উল্লেখযোগ্য যে তেওঁলোকৰ এই সমস্যাবোৰ অসম চৰকাৰৰ আহ্বান মৰ্মে চৰকাৰক অৱগত কৰাৰ উদ্দেশ্যে কলকাতাৰ অসম ভৱনত আজিৰ পৰা কিছুদিন পূৰ্বে আবেদনো কৰিছিল কিন্তু এই পৰ্যন্ত কোনো সুদুত্তৰ নাপালে দুৰ্ভগীয়া যুৱকসকলে । সেয়েহে এতিয়া অসম চৰকাৰক সহায় কৰিবৰ বাবে কাতৰ অনুৰোধ জনাইছে দলটোৱে ।
লগতে পঢকঃ সামাজিক দুৰত্ব বজাই ৰাখি বিহু উদযাপন মৰিগাঁওবাসীৰ