অসম

assam

ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰকাৰী ধনত চকু বিষয়া-কৰ্মচাৰীৰ - জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট উপ-সংমণ্ডল

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট উপ-সংমণ্ডলৰ একাংশ বিষয়া,কৰ্মচাৰী ঠিকাদাৰে মিলি পানী যোগানৰ নামত আৱন্টিত চৰকাৰী ধনকলৈ দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

teok water scam
জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰকাৰী ধনত চকু বিষয়া-কৰ্মচাৰীৰ

By

Published : Mar 11, 2020, 11:26 AM IST

টীয়ক,11 মাৰ্চঃযোৰহাটৰ টীয়ক সমষ্টিত পানী যোগানৰ নামত আৱন্টিত চৰকাৰী ধন আত্মসাৎ জনপ্ৰতিনিধিৰ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট উপ-সংমণ্ডলৰ একাংশ বিষয়া,কৰ্মচাৰী ঠিকাদাৰে মিলি চৰকাৰী ধনকলৈ দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰকাৰী ধনত চকু বিষয়া-কৰ্মচাৰীৰ

জানিব পৰা মতে, টীয়ক বামুনপুখুৰী চুড়ামনি গাঁও আৰু তামুলীছিগা গায়ন গাঁৱৰ পানী যোগান আঁচনি দুখনৰ বাবে প্ৰায় ছয় লাখকৈ মুঠ বাৰ লাখ টকা ধাৰ্য কৰি নিদিষ্ট ঠিকাদাৰক মেৰামতিৰ কাম আৱন্টন দিছিল । কিন্তু মেৰামতি কৰাৰ পাছতো এটুপি পানী নোলোৱাকৈয়ে বিভাগটোৰ বৰমুৰীয়াসকলে মেৰামতিৰ বাবে আৱন্টিত পুঁজি ঠিকাদাৰক মোকলাই দিবলৈ তৎপৰতা চলাইছে । ইফালে চৰকাৰী ধন আত্মসাৎ কৰাৰ স্বাৰ্থতে তামুলীছিগা অঞ্চলৰ দুলীয়া ভৰালী পানী যোগান আঁচনিৰ মেৰামতিৰ কামৰ কোনো নিবিদা আহ্বান নকৰাকৈ এজন ঠিকাদাৰক উক্ত কামৰ দায়িত্ব অৰ্পণ কৰাক লৈ এতিয়া অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যি সময়ত সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কয় সেই সময়ত যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত অব্যাহত থকা এনে বহু অনিয়মৰ বিৰুদ্ধে চৰকাৰৰ বিভাগীয় মন্ত্ৰী, যোৰহাট জিলাৰ উপায়ুক্ত গৰাকীৰ ৰহস্যজনক মৌনতাই চিন্তিত কৰি তুলিছে সচেতন ৰাইজক ।

লগতে পঢ়কঃনতুন দলং নিৰ্মাণৰ বাবে অস্থায়ীৰূপে বন্ধ বালিপাৰা টাৱাং সংযোগী পথ

ABOUT THE AUTHOR

...view details