টীয়ক,২৭ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ টীয়কত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা । অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত যোৰহাট জিলা ভিত্তিত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় দিবা-নৈশ ভলীবল প্ৰতিযোগিতা । টীয়কৰ পহুচুঙী গাঁৱৰ নামঘৰ প্ৰাংগণত এদিনীয়াকৈ প্ৰাইজমানী গ্ৰাম্য ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । বিজয়ী দললৈ মুঠ ১০,০০০ টকাৰ প্ৰাইজমানী আগবঢ়োৱা হয় ।
টীয়কত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা - পহুচুঙী গাঁৱৰ নামঘৰ প্ৰাংগণ
গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিয়াৰ লগতে নৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলি শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশেৰে ভাতৃত্ববোধৰ সমন্বয় সৃষ্টিৰ উদ্দেশ্যেৰে বিগত বছৰৰ দৰে এইবাৰো মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত টীয়কৰ পহুচুঙী গাঁৱৰ নামঘৰ প্ৰাংগণত এদিনীয়াকৈ প্ৰাইজমানী দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
![টীয়কত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা টীয়কত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10796931-1084-10796931-1614411295421.jpg)
অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আয়োজিত এই প্ৰতিযোগিতাখনিত যোৰহাট, শিৱসাগৰ, মাজুলী জিলাৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত । গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিয়াৰ লগতে নৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলি শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশেৰে ভাতৃত্ববোধৰ সমন্বয়ৰ সৃষ্টিৰ উদ্দেশ্যেৰেই এই প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছে । উক্ত উদ্দেশ্যৰ ভিত্তিত বিগত বছৰৰ দৰে এইবাৰো প্ৰাইজমানী আয়োজন কৰা হৈছে দিবা-নৈশ ভলীবল প্ৰতিযোগিতা । অনাগত দিনটো এই ধাৰা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: ঢেকিয়াজুলিৰ লোমহৰ্ষক হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ