টীয়ক,5 এপ্ৰিলঃলক ডাউনৰ সময়ছোৱাত অসমৰ চাহ উদ্যোগত পৰা বিৰূপ প্ৰভাৱৰ বাবে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা শিথিলতাৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে আদিবাসী ছাত্র সন্থা ৷ বিগত তিনিদিনৰ ভিতৰত অসমত কৰ’ণা আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এই সময়ত কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ ফলত চাহ অধ্যুষিত অঞ্চলসমূহত বসবাস কৰা চাহ শ্ৰমিক সকলৰ লগতে জনসাধাৰণে আশংকা প্ৰকাশ কৰিছে ।
লক ডাউনৰ পৰা ৰেহাই চাহ বাগিছাঃ টিয়কত প্ৰতিক্ৰিয়া - লক ডাউন
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা চাহ বাগিচা মুকলিৰ ঘোষণাক কেন্দ্ৰ কৰি সৰ্বত্ৰে অব্যাহত প্ৰতিক্ৰিয়া ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত বিৰূপ প্ৰভাৱ পৰিছিল চাহ বাগিচাসমূহত ৷
লক ডাউনৰ সময়ত চৰকাৰী নিৰ্দেশনা মানি ঘৰতে আৱদ্ধ থকা চাহ শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলা কেন্দ্ৰীয় চৰকাৰে বৃহৎ চাহগোষ্ঠীৰ ওচৰত আঁঠু লোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে উদ্ভৱ হ'ব পৰা যিকোনো ঘটনাৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি স্পষ্ট কৰি দিয়ে আদিবাসী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা ৰাজেশ ৰবিদাসে । ইপিনে,চৰকাৰে দিন-হাজিৰা কৰা ব্যক্তিসকলৰ বাবে যোগান ধৰা চাউলৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অত্য়াৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা গৰাকীয়ে ৷
লগতে চাওকঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ