টীয়ক,21অক্টোবৰ:কাইলৈ সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব শাৰদীয় দুৰ্গা পূজা ৷ ক'ভিড-19ৰ বাবে এইবাৰ ৰাজ্যত নাই অইনবাৰৰ দৰে পূজাৰ উচাহ ৷ যোৰহাট জিলাৰ টীয়ক চাহ বাগিছাৰ 90 বছৰীয়া পূজাস্থলীতো নাই এইবাৰ নাই কোনো পূজাৰ উচাহ ৷ বাগিচা খনৰ চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাৰ চুড়ান্ত ৰায়দান যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে মংগলবাৰে ঘোষণা কৰাৰ পাচতেই বাগিচাখনত বিৰাজ কৰিছে এক গোমা পৰিৱেশে । এই ঘটনাৰে জড়িত থকাৰ অভিযোগত এজনক মৃত্যুদণ্ড আৰু ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে আদালতে । চাহ বাগিচাৰ কৰ্মীসকলক 20শতাংশ বোনাচ প্ৰদান কৰা হৈছে যদিও বাগিচাখনত পূজাৰ বাবে নাই কোনো জাক-জমকতা ৷
টীয়কৰ 90 বছৰীয়া পূজাস্থলীত নাই পূজাৰ উচাহ - পূজা
চিকিৎসক হত্যাৰ ৰায়দান আৰু ক'ভিড প্ৰটকলৰ বাবে টীয়ক চাহ বাগিচাত নাই কোনো পূজাৰ উচাহ ৷ পৰম্পৰা ৰক্ষা কৰি টীয়কবাসীয়ে এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰিব দুৰ্গা পূজা ৷ ক'ভিড প্ৰটকলৰ মাজেৰে পালন কৰা হ'ব এই পূজা ৷
টীয়কৰ 90 বছৰীয়া পূজাস্থলীত নাই পূজাৰ উচাহ
পূৰ্বৰ দৰে পূজাস্থলীখনত কোনো জাক-জমকতা নাই যদিও পৰম্পৰা ৰক্ষা কৰি টীয়কবাসীয়ে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে দুৰ্গা পূজাৰ ৷ পূজা কমিতিয়ে চৰকাৰে নিৰ্ধাৰণ কৰা ক'ভিড প্ৰটকলৰ সকলো নিয়ম পালন কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে পূজা কমিতিয়ে ৷
অন্য এক খবৰৰ বাবে:চাপৰত আৰক্ষীৰ জালত গাঞ্জাসহ সৰবৰাহকাৰী