অসম

assam

ETV Bharat / state

ছোৱাইন ফিভাৰঃ শংকিত টীয়কৰ গাহৰি পালক - কৰ'ণা ভাইৰাছ

কৰ'ণা ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে গাহৰিৰ শৰীৰত ধৰা পৰা ছোৱাইন ফিভাৰে । গাহৰিৰ দেহত হোৱা এই ৰোগে শংকিত কৰিছে টীয়কৰ গাহৰি পালকসকলক ।

ছোৱাইন ফিভাৰঃ শংকিত টীয়কৰ গাহৰি পালক সকল
ছোৱাইন ফিভাৰঃ শংকিত টীয়কৰ গাহৰি পালক সকল

By

Published : May 2, 2020, 11:54 AM IST

টীয়কঃগাহৰিৰ দেহত হোৱা "ছোৱাইন ফিভাৰে" ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ ছয়খনকৈ জিলাত গাহৰি কিনা-বেচাৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰিছে । ছোৱাইন ফিভাৰৰ বাবে অসমৰ কেইবাখনো জিলাত অস্বাভাৱিক ভাৱে গাহৰিৰ মৃত্যু হৈছে । সেয়ে এতিয়া শংকিত হৈ পৰিছে গাহৰি পালক সকলক ।

শংকিত টীয়কৰ গাহৰি পালক

যোৰহাট জিলাৰ এলেংমৰাৰ কলবাৰী অঞ্চলত এই পৰ্যন্ত ১৩ টা গাহৰিৰ মৃত্যু হোৱা বুলি কৃষি বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে । অৱশ্যে এই সমূহ গাহৰিৰ মৃত্যুৰ কাৰণ ছোৱাইন ফিভাৰ বুলি নিশ্চিত নহয় । কৃষি বিজ্ঞান কেন্দ্ৰৰ চিকিৎসকৰ মতে গাহৰি পালনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰাৰ ফলতেই সংঘটিত হৈছে এই ঘটনা ।

ইতিমধ্যে চিকিৎসকলে গাঁৱে গাঁৱে গৈ টীকাকৰণৰ ব্যৱস্থা কৰিছে আৰু নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ মাজেদি গাহৰিসমূহ পালন কৰিবলৈ পালকসকলক সজাগ কৰিছে । তৎসত্বেও গাহৰি পালক সকল নানান সমস্যাৰ সন্মূখীন হৈছে । বজাৰত বিক্ৰী কৰিব পৰা নাই গাহৰি ফাৰ্মত উৎপাদিত পোৱালি সমূহ । ফলত ফাৰ্মত স্থানৰ অভাৱত এতিয়া গাহৰি পোৱালি সমূহ থ'বলৈ ঠাই নোহোৱা হৈছে পালক সকলৰ । গাহৰি পালক সমূহৰ জীৱনলৈ নামি অহা এই দূৰ্যোগৰ সময়ত পশুপালন বিভাগৰ মন্ত্ৰী তথা বিভাগটোৰ বৰমুৰীয়া সকলে বিশেষ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে গাহৰি পালকসকল সংকটত পৰাটো প্ৰায় নিশ্চিত ।

ABOUT THE AUTHOR

...view details