টীয়ক, 29 আগষ্ট: যোৰহাট জিলাৰ ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত মেলেং বালিচাপৰিত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি টীয়কত চাঞ্চল্য - ভোগদৈ আৰক্ষী
ভোগদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

জানিব পৰা মতে, শুকুৰবাৰে নিশা নিলাক্ষী বৰা নামৰ বোৱাৰী গৰাকীয়ে স্বামীগৃহত বিহ খাই আত্মহত্যা কৰিছে বুলি তেওঁৰ পিতৃগৃহলৈ খবৰ দিয়ে । খবৰ পাই নিলাক্ষীৰ পিতৃগৃহৰ পৰা পৰিয়ালৰ লোক আহে যদিও স্বামীগৃহৰ পৰা কোৱাৰ দৰে কোনোধৰণৰ বিষাক্ত ঔষধ বা আন বিষাক্ত সামগ্ৰী ঘৰখনত উদ্ধাৰ নোহোৱাত নিলাক্ষীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি অভিযোগ কৰিছে নিলাক্ষীৰ ভাতৃয়ে ।
ইতিমধ্যে ভোগদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, নিলাক্ষীৰ পৰিয়ালত প্ৰায়ে পাৰিবাৰিক কন্দল চলি থাকে বুলি একাংশ চুবুৰীয়াৰ পৰা জানিব পৰা গৈছে ।
লগতে পঢ়ক : কাণপুৰত জুৱাৰ ঘাটি উৎখাত, ৭টা জুৱাৰীক গ্ৰেপ্তাৰ