টীয়ক. 5 ফেব্ৰুৱাৰীঃ টীয়কত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই বাগৰি পৰিল নৈশ বাছ । জাগুনৰ পৰা নলবাৰী অভিমুখী আছিল নৈশ বাছখন । দুৰ্ঘটনাগ্ৰস্থ নৈশ বাছ খনৰ AS- 01- GC - 9541। দুৰ্ঘটনাত আহত ২০ জন যাত্ৰীক টীয়ক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে আৰু গুৰুতৰ ভাৱে আহত ৮ জনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ।
টীয়কত বাছ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত 8 যাত্ৰীঃ সোণাপুৰতো দুৰ্ঘটনাত নিহত মহিলা - টীয়ক বাছ দুৰ্ঘটনা
দুৰ্ঘটনাত আহত ২০ জন যাত্ৰীক টীয়ক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে আৰু গুৰুতৰ ভাৱে আহত ৮ জনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ।
![টীয়কত বাছ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত 8 যাত্ৰীঃ সোণাপুৰতো দুৰ্ঘটনাত নিহত মহিলা TEOK BUS ACCIDENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5961021-12-5961021-1580868767230.jpg)
লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক সমাৱৰ্তনৰ ব্যাপক প্ৰস্তুতি
সোণাপুৰ, 5 ফেব্ৰুৱাৰীঃ ইফালে সোণাপুৰৰ বাৰোৱাৰীতো সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এজোপা গছত এখন হুণ্ডাই বাহনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত ৰহা টপাকুছি নিবাসী পদমী দাস (53) নামৰ এগৰাকী মহিলা ৷ গুৰুত্বৰভাৱে আহত হয় চালক আৰু আন এগৰাকী মহিলা ৷ ৰহাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাৰ অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-02-S-9140 । ইফালে আহত আটাইকেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।