অসম

assam

ETV Bharat / state

বিনামূলীয়া চাউল বিতৰণৰ নামত টীয়কত কি চলিছে ! - বিনামূলীয়া চাউল বিতৰণৰ নামত টীয়কত এচামৰ ক'লা ব্যৱসায়

উল্লেখযোগ্য যে সমবায় সমিতি সমূহৰ যোগেদি চৰকাৰে পৰিবহণ ব্যয়, কমিচন আদি নিয়মিত সমবায় সমিতিৰ অধীনস্থ ব্যৱসায়ী সকলক প্ৰদান কৰিব লাগে যদিও বিগত ডিচেম্বৰ মাহ পৰ্যন্ত অসম চৰকাৰে কেৱল পঁচিশ শতাংশ ধনহে এই পৰ্যন্ত মোকলাই দিছে । বিগত প্ৰায় এটা বছৰে কেন্দ্ৰীয় চৰকাৰৰ 75 শতাংশ ধন মোকলাই নিদিয়াত গভীৰ সংকটৰ সন্মুখীন হৈছে এই সকল ব্যৱসায়ী ।

টীয়কত এচামৰ ক'লা ব্যৱসায়
টীয়কত এচামৰ ক'লা ব্যৱসায়

By

Published : Apr 8, 2020, 6:47 PM IST

টীয়ক, 8 এপ্ৰিলঃ লক ডাউনৰ সময়ত বিনামূলীয়া চাউল বিতৰণৰ নামত এচাম ব্যৱসায়ীয়ে মাধমাৰ সোধাইছে দৰিদ্ৰ ৰাইজক । লক ডাউনৰ সময়চোৱাত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা যিবোৰ পৰিয়ালৰ অনুমোদিত কাৰ্ড আছে সেই পৰিয়ালসমূহলৈ প্ৰতিজন সদস্যৰ বিপৰীতে পাঁচ কিল'গ্ৰামকৈ চাউল প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰূপায়ণ কৰা এই নিৰ্দেশনা অনুযায়ী নিয়মিত পাই থকা নিৰ্ধাৰিত এটকীয়া চাউলৰ উপৰি অতিৰিক্ত সম পৰিমাণৰ চাউল বিনামূলীয়াকৈ লাভ কৰিব হিতাধীকাৰীয়ে ।

কিন্তু চৰকাৰী এই ঘোষণাৰ পাছতো চাউল পৰিবহণ কৰাৰ ব্যয়ৰ বাবদ দৰিদ্ৰ পৰিয়ালৰ পৰা ধন আদায় লোৱাৰ অভিযোগ উঠিছে টীয়কৰ গাখীৰখোৱা আৰু হোলোঙাপাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে । চৰকাৰে দীৰ্ঘদিন ধৰি সুলভ মূল্যৰ ব্যৱসায়ী সকলৰ প্ৰাপ্য পৰিবহণ ব্যয়, কমিচন আদি আদায় নিদিয়াৰ সুযোগ গ্ৰহণ কৰি এনেদৰে নিজৰ জেপৰ ধন খৰচ কৰি চাউল আনি দৰিদ্ৰ গ্ৰাহকৰ পৰা পৰিবহণ ব্যয়ৰ বাবদ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

টীয়কত এচামৰ ক'লা ব্যৱসায়টীয়কত এচামৰ ক'লা ব্যৱসায়

উল্লেখযোগ্য যে, সমবায় সমিতি সমূহৰ যোগেদি চৰকাৰে পৰিবহণ ব্যয়, কমিচন আদি নিয়মিত সমবায় সমিতিৰ অধীনস্থ ব্যৱসায়ী সকলক প্ৰদান কৰিব লাগে যদিও বিগত ডিচেম্বৰ মাহ পৰ্যন্ত অসম চৰকাৰে কেৱল পঁচিশ শতাংশ ধনহে এই পৰ্যন্ত মোকলাই দিছে । বিগত প্ৰায় এটা বছৰে কেন্দ্ৰীয় চৰকাৰৰ 75 শতাংশ ধন মোকলাই নিদিয়াত গভীৰ সংকটৰ সন্মুখীন হৈছে এই সকল ব্যৱসায়ীসকলে ।

এই সুযোগ গ্ৰহণ কৰিয়েই একাংশ ব্যৱসায়ীয়ে দৰিদ্ৰ লোকৰ পৰা ধন লৈ আহিছে ৷ সেয়ে এই সমগ্ৰ বিষয়টোৰ এক উচিত তদন্ত কৰি এই দুৰ্যোগৰ সময়ত সাধাৰণ দুখীয়া ৰাইজে যাতে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত নহয় তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে।

For All Latest Updates

ABOUT THE AUTHOR

...view details