টীয়ক,29 জুলাইঃ বানে বাৰে বাৰে কৃষকৰ কঠিয়া উটুৱাই নিয়াৰ পিছত কঠিয়া ৰুবৰ বাবে পুনৰ ওখ ঠাইৰ বিচাৰি হাহাকাৰ কৰিছে চহা ৰাইজে ৷ এনে বিপদৰ সময়ত বিপদৰ লগৰী হৈ থিয় দিবলৈ আগবাঢ়ি আহিছে টীয়কৰ এটা সমন্বয় গোট ৷ বানবিধস্ত কৃষৰ ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে এজাৰগুৰি সমন্বয় গোট ৷ বৃহত্তৰ এজাৰগুৰি,জাঁজীমুখ,কাৱৈমাৰী আদি অঞ্চলৰ বান বিধস্ত কৃষকৰ সহায় হোৱাকৈ চৈমাৰী ধানৰ বীজ সিঁচাত ব্যস্ত হৈ পৰিছে এজাৰগুৰি সমন্বয় গোট ৷
ৰাজ্যৰ বিপদৰ সময়ত আদৰ্শ দেখুৱাইছে টীয়কৰ এটা সমন্বয় গোটে - self help group helping hand to farmer
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি গ'ল বহু চকা কৃষকৰ সপোন ৷ এনে বিপদৰ সময়ত তেওঁলোকৰ বিপদৰ লগৰী হৈ থিয় দিবলৈ আগবাঢ়ি আহিছে টীয়কৰ এজাৰগুৰি সমন্বয় গোট ৷
ৰাজ্যৰ বিপদৰ সময়ত আদৰ্শ দেখুৱাইছে টীয়কৰ এটা সমন্বয় গোটে
গোটটোৰ এই পদক্ষেপত অগপৰ যোৰহাট জিলাৰ সম্পাদক বিকাশ শইকীয়া,পূব টীয়ক গাঁও পঞ্চায়ৰ সভানেত্ৰী ৰুমী বৰাকে ধৰি অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক ব্যক্তিয়ে সহযোগিতা আগবঢ়োৱাৰ লগতে শলাগ লৈছে সকলোৱে।
লগতে চাওকঃআন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস