অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰতো চলিব গংগা 'এক্চন প্লেন' - ব্ৰহ্মপুত্ৰ পৰিষ্কাৰ

উক্ত প্ৰকল্প প্ৰস্তুতকৰণ সন্দৰ্ভত বুধবাৰে কেইবাগৰাকী অধ্যাপক, ব্ৰহ্মপুত্ৰ বৰ্ড, অভিজ্ঞ অৱসৰপ্ৰাপ্ত সংশ্লিষ্ট কামৰ প্ৰচুৰ অভিজ্ঞতা থকা ব্যক্তিৰ উপস্থিতিত উক্ত প্ৰকল্প প্ৰস্তুত সন্দৰ্ভত এখন কৰ্মশালাৰ অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনৰ পৰা পোৱা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদী সংৰক্ষিত কৰাৰ বাবে প্ৰস্তুত হৈছে ডি পি আৰ ৷

গংগা পৰিষ্কাৰ কৰা একচন প্লেনৰ আৰ্হিত পৰিষ্কাৰ কৰা হ'ব ব্ৰহ্মপুত্ৰ

By

Published : Jun 19, 2019, 2:51 PM IST

টীয়ক, 19 জুনঃডেৰাডুনস্থিত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠানে গংগা নদী পৰিস্কাৰৰ বাবে প্ৰস্তুত কৰা এক্চন প্লেনৰ আৰ্হিত পৰিস্কাৰ কৰা হ'ব ব্ৰহ্মপুত্ৰ ৷ ইয়াৰ বাবে যোৰহাট জিলাৰ চটাইস্থিত বৰ্ষাৰণ্য বন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ইতিমধ্যে আৰম্ভ হৈছে প্ৰাৰম্ভিক কাম-কাজ ৷ উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বন,পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে বনানিকৰণৰ যোগেদি ভাৰতবৰ্ষৰ ৯ খন নদীক সামৰি যি প্ৰকল্প প্ৰস্তুতকৰাৰ নিৰ্দেশ দিছে সেই একেটা প্ৰকল্পত অন্তৰ্ভূক্ত কৰা হৈছে ব্ৰহ্মপুত্ৰ ৷

গংগা পৰিষ্কাৰ কৰা একচন প্লেনৰ আৰ্হিত পৰিষ্কাৰ কৰা হ'ব ব্ৰহ্মপুত্ৰ

উক্ত প্ৰকল্প প্ৰস্তুতকৰণ সন্দৰ্ভত বুধবাৰে কেবাগৰাকী অধ্যাপক, ব্ৰহ্মপুত্ৰ বৰ্ড, অভিজ্ঞ অৱসৰপ্ৰাপ্ত সংশ্লিষ্ট কামৰ প্ৰচুৰ অভিজ্ঞতা থকা ব্যক্তিৰ উপস্থিতিত উক্ত প্ৰকল্প প্ৰস্তুত সন্দৰ্ভত এখন কৰ্মশালাৰ অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনৰ পৰা পোৱা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদী সংৰক্ষিত কৰাৰ বাবে প্ৰস্তুত হৈছে ডি পি আৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ বন,পৰিৱেশ আৰু জলবায়ু মন্ত্ৰনালয়ৰ নিৰ্দেশত পৰিকল্পনা গ্ৰহণ কৰা এই প্ৰকল্প ফলপ্ৰসু হোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি সহায় কৰে সেয়া লক্ষনীয় হ'ব৷

ABOUT THE AUTHOR

...view details