টীয়ক, 18 ছেপ্টেম্বৰ :প্ৰধান শিক্ষক নিলম্বনৰ ঘটনাক লৈ শুকুৰবাৰে উত্তেজিত হৈ পৰে যোৰহাট জিলাৰ টীয়কৰ অন্তৰ্গত চাহ বাগিছা অধ্যুষিত অঞ্চল ৷ দৰাচলতে, অঞ্চলটোৰ নামচেচুৰ জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমল বৰুৱাক নিলম্বন কৰা ঘটনাক লৈ শুকুৰবাৰে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ছাত্ৰ-ছাত্ৰী,অভিভাৱক তথা স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা টীয়ক উপ সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদ কাৰ্যসূচী ৷
টীয়কত প্ৰধান শিক্ষকক নিলম্বনক লৈ প্ৰতিবাদ - Teok teacher suspended
উল্লেখ্য যে,অমল বৰুৱা নামৰ শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা বিদ্যালয়খনৰ ফলাফলকে ধৰি সামগ্ৰীকভাৱে বিদ্যালয়খন আগবাঢ়ি যোৱা বুলি জানিবলৈ দিয়ে একাংশ অভিভাৱকে ৷ কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত হ'বলৈ মহেন্দ্ৰ দত্ত নামৰ এগৰাকী শিক্ষকে অমল বৰুৱা নামৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে ৰাইজে ৷
![টীয়কত প্ৰধান শিক্ষকক নিলম্বনক লৈ প্ৰতিবাদ Teok](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8849642-thumbnail-3x2-p.jpg)
লগতে পঢ়কঃডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডকলৈ পুনৰ উত্তাল ওদালগুৰি
উল্লেখ্য যে,অমল বৰুৱা নামৰ শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা বিদ্যালয়খনৰ ফলাফলকে ধৰি সামগ্ৰীকভাৱে বিদ্যালয়খন আগবাঢ়ি যোৱা বুলি জানিবলৈ দিয়ে একাংশ অভিভাৱকে ৷ কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত হ'বলৈ মহেন্দ্ৰ দত্ত নামৰ এগৰাকী শিক্ষকে অমল বৰুৱা নামৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে ৰাইজে ৷ মহেন্দ্ৰ দত্তৰ এই কাণ্ডক তীব্ৰ বিৰোধিতা কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী,অভিভাৱক তথা স্থানীয় ৰাইজে ৷ লগতে অনতি পলমে সমগ্ৰ বিষয়টোৰ উচিত তদন্ত বিচাৰি শিক্ষক অমল বৰুৱাক পুনৰ নিযুক্তি দিবলৈ শিক্ষা বিভাগক দাবী জনাই প্ৰতিবাদকাৰীসকলে ।