টীয়ক, ২৮ এপ্ৰিল:কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰা আতংকময় পৰিবেশৰ মাজতে জনসাধাৰণক এই মহামাৰীৰ সম্পৰ্কত সজাগ কৰাৰ অৰ্থে যোৰহাট জিলাৰ টীয়কৰ গ্ৰাম্যাঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক পৰাগ শইকীয়াৰ প্ৰচেষ্টাত বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ সজাগতামূলক পোষ্টাৰ অংকন কৰি জনবহুল স্থানত আঁৰি ৰাইজক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
টীয়কৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ - ছাত্ৰ-ছাত্ৰীৰ সজাগতামূলক পোষ্টাৰিং
টীয়কৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ । কৰ'না সংক্ৰমণ ৰোধৰ অৰ্থে ৰাজহুৱা স্থানত ছাত্ৰ-ছাত্ৰীৰ সজাগতামূলক পোষ্টাৰিং ।
উল্লেখযোগ্য যে, সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি কৰ'ণা মহামাৰীৰ সম্পৰ্কত জনসজাগতা সৃষ্টিৰ সমান্তৰালকৈ শিক্ষাৰ্থী, সমাজৰ সামাজিক দায়বদ্ধতা সৃষ্টিৰ অৰ্থে গ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰকৃতি সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি কোনো গছত গজাল নমৰাকৈ পোষ্টাৰ লগোৱাৰ সংকল্প লোৱা হৈছে ৷ সমগ্ৰ ৰাজ্যখনত কৰ'ণাৰ দ্বিতীয় ঢৌ বৃদ্ধি পোৱাৰ সময়ত গ্ৰামাঞ্চলৰ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰা সময়োপযোগী প্ৰচেষ্টাত সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: ৰাজ্যত বৃহৎ প্ৰাবল্যৰ ভুমিকম্পৰ জোকাৰণি: আতংকিত ৰাইজ