টীয়ক,16 ছেপ্তেম্বৰঃ টীয়কৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত বুধবাৰে ভাদ মাহৰ অন্তিমটো দিনত অসমৰ অন্যতম লোক সংস্কৃতি দিহা নামৰ লগত জড়িত তিনিগৰাকীকৈ সংস্কৃতিৰ সাধক আৰু সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ পিতৃ শতায়ু গৰকা জগন্নাথ দেৱ গোস্বামীক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জগন্নাথ দেৱগোস্বামীক শতায়ু প্ৰদীপ,উজনি অসমৰ দিহানামৰ জগতখনত চিৰপৰিচিত শিল্পী কমলা গগৈক দিহাৰত্ন,শিল্পী যতীন বৰাক ঐতিহ্য সেউজ কন্ঠ আৰু শিল্পী মুনীন বৰাক দিহানাম ভাস্কৰ উপাধিৰে সন্মানিত কৰা হয়।
টীয়কৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান - যোৰহাট সদৰ থানা
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷ কেইবাজনো লোক শিল্পীক সম্বৰ্দ্ধনা প্ৰদান ৷

টীয়কৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান
টীয়কৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান
উক্ত অনুষ্ঠানত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাস,টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্তীশ চাহু,উজনি অসম বন সংমণ্ডল বিষয়া নাৰায়ণ মহন্ত আৰু দিহা নাম সম্ৰাট বদন মলিয়া বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়কঃএফালে বিত্তীয় সংকট,আনফালে চৰকাৰ হাজাৰ কোটি টকীয়া আচঁনি