অসম

assam

ETV Bharat / state

হাতে হাতে কোৰ লৈ ওলাই আহিল পুৰুষ-মহিলা

জনপ্ৰতিনিধিয়ে মনোযোগ নিদিয়াত ক্ষুব্ধ ৰাইজ ওলাই আহিল হাতে হাতে দা-কোৰ লৈ ৷ আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত টীয়কৰ হাতিখুলি অঞ্চলৰ ৰাইজে

হাতে হাতে কোৰ লৈ ওলাই আহিল পুৰুষ -মহিলা

By

Published : Apr 1, 2019, 11:18 AM IST

টীয়ক,১ এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে চলিছে নিৰ্বাচনী বতাহ । এফালে শাসনাধীষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰধানমন্ত্ৰীকে ধৰি হাইপ্ৰফাইল নেতা এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰৰ কামত আনফালে ঠাইয়ে ঠাইয়ে ক্ষোভ উজাৰিছে একাংশ সাধাৰণ ৰাইজে । যাৰফলতক্ষোভতে এতিয়া হাতে হাতে কোৰ লৈ ওলাই আহিছে টীয়ক বিধান সভা সমষ্টিৰ টীয়ক পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ হাতিখুলি ৰাইজে ।

হাতে হাতে কোৰ লৈ ওলাই আহিল পুৰুষ -মহিলা
যাতায়তৰ একমাত্ৰ পথটোৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি অহা হাতিখুলিবাসীয়ে চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই এতিয়া নিজেই পথটো মেৰামতি কৰিবলৈ ওলাই আহিছে । দীৰ্ঘদিন ধৰি অঞ্চলবাসীয়ে পথটোৰ মেৰামতিৰ বাবে আবেদন নিবেদন কৰাৰ পাছতো জনপ্ৰতিনিধিসকলে কোনো গুৰুত্ব নিদিয়াৰ ফলতেই হাতিখুলি ৰাইজে গ্ৰহণ কৰে এই ব্যৱস্থা। অঞ্চলবাসীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details