টীয়ক,9 ছেপ্তেম্বৰঃ অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতি কৰণ,স্বায়ত্ব শাসিত পৰিষদ প্ৰদান নকৰাত ক্ষোভিত হৈ বুধবাৰে টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই টীয়কৰ মাজ মজিয়াত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জনজাতি দপ্তৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
টীয়কত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ - ছয় জনগোষ্ঠী
অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰিবলৈ দাবী জনাই চুটীয়া ছাত্ৰ সন্থাই পুত্তলিকা দাহ কৰে ৷
উল্লেখযোগ্য যে,মৰাণ,মটক আৰু কোঁচ ৰাজবংশীসকল যদি স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰিব পাৰে তাৰ সমান্তৰালকৈ অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক কিয় স্বায়ত্বশাসিত পৰিষদ দিব নোৱাৰিব বুলি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে ইয়াৰ যোগেদি ছয় জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সমাগত বিধানসভাৰ নিৰ্বাচনৰ আগত ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবলৈ দাবী জনাই চুতীয়া ছাত্ৰ সন্থাই ৷ অন্যথা ইয়াৰ ফল 2021ৰ বিধানসভা নিৰ্বাচনত লাভ কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে ৷
লগতে পঢ়কঃ জোনাইত প্ৰশাসনৰ ক’ৰণাৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন