অসম

assam

ETV Bharat / state

বিপিন চাউদাঙৰ কা বিৰোধী স্থিতি: গৰিহণা অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ - জাতিদ্ৰোহী স্থিতি

জনপ্ৰিয় শিল্পী বিপিন চাউদাঙৰ নাগৰিকত্ব সংশোধনী আইনক লৈ বৰ্তমান যি স্থিতি প্ৰদৰ্শন তাক তীব্ৰ ভাষাৰে গৰিহণা অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ । ২০১৬ চনত সংগঠনটোৱে জাতীয়তাবোধৰ প্ৰতি সন্মান জনাই শিল্পীগৰাকীক অসমপ্ৰেমী বঁটাৰে সন্মানিত কৰিছিল যদিও বৰ্তমান তেওঁৰ জাতিদ্ৰোহী স্থিতিয়ে অনাগত দিনত সেই সন্মান পুনৰ ঘুৰাই ল'বলৈও কুণ্ঠাবোধ নকৰে বুলি হুংকাৰ প্ৰদান ।

অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ সংবাদমেল
অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ সংবাদমেল

By

Published : Feb 27, 2021, 11:31 AM IST

টীয়ক,২৭ ফেব্ৰুৱাৰী: অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ সংবাদমেল । যোৰহাট জিলাৰ টীয়কস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় সংবাদমেলখন । সংগঠনটোৰ উপদেষ্টা মনোজ গগৈয়ে সংবাদমেল সম্বোধন কৰি অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাঙে 'কা' ক লৈ বৰ্তমান যি স্থিতি প্ৰদৰ্শন কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দি অসমীয়া জনতাক এনেদৰে বিচলিত নকৰিবলৈ সকীয়নি দিয়ে । লগতে ২০১৬ চনত সংগঠনটোৱে শিল্পী গৰাকীক সংগঠনটোৰ সৰ্বোচ্চ সন্মান অসমপ্ৰেমী বঁটাৰে সন্মানিত কৰিছিল ৷ বৰ্তমান তেওঁৰ জাতিদ্ৰোহী স্থিতিৰ বাবে অনাগত দিনত সেই সন্মান পুনৰ ঘূৰাই ল'বলৈও কুণ্ঠাবোধ নকৰে বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে ধুবুৰীৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংঘীয়ে তেওঁৰ বিৰুদ্ধে যোৱা ১৭ ফেব্ৰুৱাৰীত সংগঠনটো ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰাক লৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰহিবুল শ্বেখৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰিছে তাক বিজেপিৰ ফেচিষ্টবাদ আৰু দমনমূলক নীতি প্ৰকাশ পাইছে বুলি অভিহিত কৰি এনে দমন নীতিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । অন্যথা নামনি অসমত তেওঁক ৰাজহুৱাভাৱে বৰ্জন কৰা হ'ব বুলি হুংকাৰ দিয়ে । ২১ ৰ নিৰ্বাচনত আঞ্চলিকতাবাদক সমৰ্থন কৰি জননেতা অখিল গগৈক বিপুল ভোটত জয়ী কৰাই দিছপুৰলৈ পঠিয়াবলৈ অসমৰ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক:বৰাক-ব্ৰহ্মপুত্ৰক ছিণ্ডিকেটৰ ডোলেৰে বান্ধিলে মুখ্যমন্ত্ৰী সোণোৱালে : প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details