অসম

assam

ETV Bharat / state

টীয়ক প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি - ২৫ বছৰ সম্পূৰ্ণ

টীয়ক প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি । অসমৰ দুজন সাংবাদিকলৈ বিশেষ বঁটা ।

টীয়ক প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি
টীয়ক প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি

By

Published : Feb 14, 2021, 8:18 PM IST

টীয়ক, ১৪ ফেব্ৰুৱাৰী: দেওবাৰে 25 বছৰত প্ৰৱেশ কৰিলে যোৰহাটৰ টীয়ক প্ৰেছ ক্লাবে । এই ২৫ বছৰীয়া ইতিহাসৰ গৌৰৱোজ্বল মূহুৰ্তক স্মৰণ কৰি দেওবাৰে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হয় ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণিৰ এক বিশেষ অনুষ্ঠান ।

অসমৰ দুগৰাকী প্ৰয়াত জেষ্ঠ সাংবাদিক বিজয় প্ৰকাশ বৰুৱা আৰু টীয়ক প্ৰেছ ক্লাৱৰে অন্যতম জেষ্ঠ সদস্য মৃদুল বৰুৱাৰ সোঁৱৰণীত বঁটা প্ৰদান কৰা হয় । ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ অনুসন্ধানমূলক বঁটা শোণিতপুৰ জিলাৰ তেজপুৰৰ সাংবাদিক দিব্যজ্যোতি নাথ আৰু শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা গোলাঘাট জিলাৰ নুমলীগড়ৰৰ যুৱ সাংবাদিক প্ৰীয়ংদীপ কাকতিক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

বঁটা প্ৰদান এই অনুষ্ঠানৰ লগতে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা উক্ত সভাৰ আৰম্ভণিতে পতাকা উত্তোলন, স্মৃতি তৰ্পণকে ধৰি প্ৰেছ ক্লাৱৰ নিৰ্ধাৰিত সমবেত সংগীত পৰিবেশনৰ লগতে জিলাখনৰ ভালেসংখ্যক জেষ্ঠ-কনিষ্ঠ, ন-পুৰণি সাংবাদিক তথা শুভাকাংক্ষীৰ সমাবেশ ঘটে । আগন্তুক বছৰৰ কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰি সকলোৰে সহায় সহযোগিতা বিচাৰে উদ্যোক্তাসকলে।

লগতে পঢ়ক:পুলৱামাৰ বিস্ফোৰণত শ্বহীদ বাক্সাৰ মনেশ্বৰ বসুমতাৰীক স্মৰণ

ABOUT THE AUTHOR

...view details