টীয়ক,22 নৱেম্বৰঃ দেওবাৰে যোৰহাট জিলাৰ টীয়কত নেচনেল মেডিক'জ অৰ্গেনাইজেছন অসমে সেৱা ভাৰতীৰ সহযোগত ৰক্তদান শিৱিৰ সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে । অহা ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱস উপলক্ষ্যে সংগঠনটোৱে টীয়কৰ লাহদৈগড়স্থীত বীৰ লাচিত বৰফুকনৰ সমাধিস্থলী লাচিত মৈডামৰ সমীপৰ নৰাহিলৈদাৰী প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰাৰ কথা সদৰি কৰে ৷
টীয়কত নেচনেল মেডিক'জ অৰ্গেনাইজেছনৰ সংবাদ মেল - নৰাহিলৈদাৰী প্ৰাথমিক বিদ্যালয়
অহা ২৪ নৱেম্বৰ তাৰিখে লাচিত দিৱস উপলক্ষে টীয়কৰ লাহদৈগড়স্থীত বীৰ লাচিত বৰফুকনৰ সমাধিস্থলী লাচিত মৈডামৰ সমীপৰ নৰাহিলৈদাৰী প্ৰাথমিক বিদ্যালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰাৰ কথা সদৰি কৰে নেচনেল মেডিক'জ অৰ্গেনাইজেছন অসমে ৷
টীয়কত নেচনেল মেডিক'জ অৰ্গেনাইজেছনৰ সংবাদ মেল
ইয়াৰ লগতে ৰক্তদান মহান দান কথাষাৰ শাৰুগত কৰি সকলোকে ৰক্ত দান কৰিবলৈ আহ্বান জনাই নেচনেল মেডিক'জ অৰ্গেনাইজেছনৰ অধ্যক্ষ ডাঃ যদুনাথ বুঢ়াগোহাঁয়ে । উল্লেখযোগ্য যে, এই মেলতে ৰক্তদানৰ সমান্তৰালকৈ বিভিন্ন ঋতুকালীন ৰোগ প্ৰতিৰোধ তথা নিৰাময়ৰ ওপৰত আলোচনা কৰা দেখা যায়।
লগতে পঢ়কঃমিছামাৰীৰ ন-বিল পথাৰত শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি