টিয়ক, 28 জুলাই: শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পালন কৰা হয় টীয়ক প্ৰেছ ক্লাৱৰ দ্বাদশ দ্বি- বাৰ্ষিক অধিৱেশন ৷ ১৯৯৬ চনতে প্ৰতিষ্ঠা লাভ কৰা টীয়ক প্ৰেছ ক্লাৱে শনিবাৰে গৌৰৱেৰে সম্পন্ন কৰে 23 টা বসন্ত ৷ এই উপলক্ষেত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে প্ৰেছ ক্লাৱৰ সভাপতি ৰিজু কুমাৰ শইকীয়াই আনহাতে টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদক পাৰ্থ হাজৰিকাই আঁত ধৰা আৰু উপদেষ্টা নিৰ্মলেন্দু পাঠকে আদৰণি ভাষণ আগবঢ়োৱা সভাৰ শুভ উদ্বোধন কৰে যোৰহাট ই-মিডিয়াৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাই ৷ এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক শোণিত কুমাৰ ভূঞাই কয় যে বিভিন্ন উৎসৱ পাৰ্ৱনৰ সময়তো সাংবাদিক নিজ কৰ্তব্যত ব্যস্ত থাকিব লগা হোৱা স্বত্বেও সকলো মানুহকে সম্পূৰ্ণ সন্তুষ্ট কৰিব নোৱাৰে ৷ ইয়াৰ লগতে ছচিয়েল মিডিয়াৰ বাতৰিসমূহক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও আলোকপাত কৰে ৷
দিনযোৰা কাৰ্যসূচীৰে উদযাপন টীয়ক প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন - etv bharat assam
শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পালন কৰা হয় টীয়ক প্ৰেছ ক্লাৱৰ দ্বাদশ দ্বি- বাৰ্ষিক অধিৱেশন ৷ ১৯৯৬ চনতে প্ৰতিষ্ঠা লাভ কৰে টীয়ক প্ৰেছ ক্লাৱে ৷ এই উপলক্ষেত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে প্ৰেছ ক্লাৱৰ সভাপতি ৰিজু কুমাৰ শইকীয়াই আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসমৰ অন্যতম বিশিষ্ট সাংবাদিক শোণিত কুমাৰ ভূঞা ৷
এই সভাত বিশিষ্ট অতিথি হিচাপে দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ উপ সম্পাদক তথা ডেস্ক ইনচাৰ্জ দিগন্ত বুঢ়াগোহাঁই ,অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা টীয়ক প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক নৱজ্যোতি বৰুৱা, টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামান , টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া , টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ গগৈ , টীয়ক ৰাজহ চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশীকে আদি কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্য্যসূচীও প্ৰদৰ্শন কৰা হয় ৷