যোৰহাট,8 আগষ্টঃ "সবকে সাথ, সবকা বিকাশ"- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিজেপিৰ তৃণমূলৰ কৰ্মীলৈকে সকলোৰে মুখে মুখে এই বহুল প্ৰচাৰিত বাণী শুনিবলৈ পোৱা যায় ৷ কিন্তু সঁচা অৰ্থত বিকাশ হৈছে নে প্ৰত্যেকৰে ? যোৰহাটৰ টীয়কৰ ৰজাবাৰীৰ জিতেন নেওগৰ ঘৰৰ অৱস্থাই এই শ্ল'গানৰ বিপৰীত এখন ছবিহে প্ৰতিফলন কৰিছে ৷ এক অস্বাস্থ্যকৰ পৰিৱেশত এটা জৰাজীৰ্ণ ঘৰত বাস কৰে জিতেন নেওগ আৰু তেওঁৰ পৰিয়ালে ৷
চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত এটা দৰিদ্ৰ পৰিয়ালৰ দুৰ্দশা - টীয়কৰ এটা দৰিদ্ৰ পৰিয়াল
এক অস্বাস্থ্যকৰ পৰিৱেশত জীৱন যাপন কৰিছে টীয়কৰ এটা দৰিদ্ৰ পৰিয়ালে ৷ বহুবাৰ আবেদন নিবেদনৰ পিছতো নাপালে এটি চৰকাৰী আৱাসগৃহ ৷
চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত এটা দৰিদ্ৰ পৰিয়ালৰ দুৰ্দশা
চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত এটা দৰিদ্ৰ পৰিয়ালৰ দুৰ্দশা
পঞ্চায়ত প্ৰতিনিধিৰ কাষত, বিধায়িকাৰ কাষত বহুবাৰ আবেদন নিবেদন কৰি নাপালে এটা চৰকাৰী আৱাস গৃহ । পকী ঘৰ থকা ব্যক্তিয়ে পকী ঘৰৰ কাষত নিৰ্মাণ কৰা কেঁচা ঘৰ দেখুৱাই চৰকাৰী আৱাস গৃহ লাভ কৰাৰো অভিযোগ উঠিছে ৷ ইফালে সঁচা অৰ্থত অভাৱী তথা এই আঁচনিৰ বাবে সম্পূৰ্ণ যোগ্য দৰিদ্ৰ পৰিয়ালে পোৱা নাই চৰকাৰী আৱাসগৃহ ৷ জনপ্ৰতিনিধি সকলৰ এনে কাৰ্যৰ বাবে এতিয়া যেন প্ৰহসনত পৰিণত হৈছে "সবকে সাথ সবকা বিকাশ" শ্ল'গান ৷