অসম

assam

ETV Bharat / state

স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ টীয়কৰ এটা পৰিয়ালৰ - ভাৰতীয় ষ্টেট বেংক

স্বাস্থ্য়মন্ত্ৰীলৈ আহ্বান এটা পৰিয়ালৰ ৷ অৰ্থৰ অভাৱত পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি অসহায় হৈ পৰা পিতৃ-মাতৃৰ কাতৰ অনুৰোধ স্বাস্থ্যমন্ত্ৰীলৈ ৷

Teok Poor Family request to the Assam health minister  Himanta Biswa Sarma
স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ টীয়কৰ এটা পৰিয়ালৰ

By

Published : Oct 12, 2020, 1:42 PM IST

টীয়ক, 12 অক্টোবৰ : যোৰহাট জিলাৰ টীয়কৰ এটা পৰিয়ালৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ৷ চিকিৎসাৰ বাবে সহায় বিচাৰি মন্ত্ৰীগৰাকীক সহায় বিচাৰিছে পৰিয়ালটিয়ে ৷

তথ্য অনুসৰি, টীয়কৰ জাঁজীমুখৰ ভকত গাঁৱৰ কৃষ্ণ হাজৰিকাৰ নামৰ এগৰাকী ব্যক্তিৰ দ্বিতীয় পুত্ৰ হিমাংকু হাজৰিকা এতিয়া শস্যাশায়ী । 14 বছৰীয়া হিমাংকুৰ 2019 বৰ্ষৰ জুলাই মাহত এটি জটিল অপাৰেচন কৰা হৈছিল যদিও পুনৰ সেই একেই জটিল ৰোগে দেখা দিছে 14 বছৰীয়া যুৱকজনক

স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ টীয়কৰ এটা পৰিয়ালৰ

দিন হাজিৰা কৰি কোনোমতে খাই থকা পৰিয়ালটিয়ে পুত্ৰৰ চিকিৎসাৰ নামত ইতিমধ্যে সাচঁতীয়া টকা, মাটি-বাৰী সকলো বন্ধকত দি চিকিৎসাৰ ব্যয় যোৰা মাৰিব পৰা নাই ৷ ইফালে, চিকিৎসকে শীঘ্ৰে গুৱাহাটীত অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ দিছে কিন্তু অৰ্থৰ অভাৱত থমকি ৰব লগা হৈছে পৰিয়ালটো ৷ সেয়ে উপায়বিহীন হৈ পৰিয়ালটিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ পৰা কিছু সহায় বিচাৰিছে ৷ আনহাতে, কোনো সদাশয় ব্যক্তিয়ে যদি পৰিয়ালটিক সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ একাউন্ট 33202088461 নন্বৰ, IFSC CODE-SBIN0001718 অথবা 98543-84422 নম্বৰত যোগাযোগকৰিবলৈ অসহায় পিতৃয়ে অনুৰোধ জনাইছে ।

লগতে পঢ়ক :দক্ষিণ শালমাৰাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

ABOUT THE AUTHOR

...view details