টীয়ক, 2 ডিচেম্বৰ :সস্তম হৈ ৰাজ্যৰ পৰিবহণ বিভাগ ৷ ৰাজ্যত 1 ডিচেম্বৰৰ পৰা হেলমেট পৰিধানক লৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী তথা পৰিবহণ নিগমৰ বিষয়াসকল (Wearing Helmet is Compulsory from December 1 in Assam) ৷ টীয়কতো যান-বাহন নিয়ম আইন উলংঘাকাৰীক লৈ কঠোৰ হৈছে প্ৰশাসন (Traffic rules violation in Teok) ৷
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে, বৃহস্পতিবাৰে টীয়ক আৰক্ষীয়ে টীয়কৰ জগদুৱাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত চলাই এক অভিযান ৷ উক্ত পথদি আহ-যাহ কৰা মটৰচাইকেল আৰোহীসকলে হেলমেট পৰিধান কৰিছে নে নাই (Police strictly implement helmet rules) অথবা লাইচেঞ্চ লগত আনিছেনে নাই তাক পৰীক্ষা কৰাত ব্যস্ত হৈ পৰিছে টীয়ক আৰক্ষী । আনকি উক্ত সময়চোৱাত যিসকলে চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে নিৰ্ধাৰণ কৰা নিৰিখ অনুসৰি জৰিমনা বিহাৰ লগতে এজাহাৰ বিহীন গোচৰো ৰজু কৰিছে আৰক্ষীয়ে ।