টীয়ক, 21 মেঃ টীয়কত ছোৱাইন ফিভাৰ প্ৰতিৰোধৰ বাবে গাহৰি গড়ালসমূহ ছেনিটাইজেশ্যনৰ ব্যৱস্থা । টীয়কৰ জাঁজীমুখ, যোৰহাটৰ বাঁহফলা অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু যোৰহাট জিলা পশুপালন বিভাগৰ সহযোগত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয় ।
ছোৱাইন ফিভাৰ আতংকঃ টীয়কত গাহৰি গড়াল ছেনিটাইজেশ্যন - টীয়কত গাহৰি গড়াল ছেনিটাইজেশ্যন
টীয়কৰ জাঁজীমুখ, যোৰহাটৰ বাঁহফলা অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু যোৰহাট জিলা পশুপালন বিভাগৰ সহযোগত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয় ।
ছোৱাইন ফিভাৰ আতংকঃ টীয়কত গাহৰি গড়াল ছেনিটাইজেশ্যন
যুৱ নেতা হৰেন ৰিচংৰ বিশেষ তৎপৰতাত গ্ৰহণ কৰা এই কাৰ্যসূচীত পশু চিকিৎসক ডাঃ প্ৰবীন কুমাৰ নেওগকে ধৰি পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাগৰাকীয়ো ক্ষেত্ৰ সহায়কে সহযোগিতা আগবঢ়ায় । গাহৰি পালন যিহেতু মিচিং জনগোষ্ঠীৰ পৰম্পৰা সেয়েহে এই সংগঠনটোৱে তেওঁলোকৰ অধীনস্থ প্ৰায়বোৰ অঞ্চলতে এম এ চিৰ সদস্যৰ সহায়ত ঘৰে ঘৰে গৈ গাহৰি গড়ালসমূহ পৰিস্কাৰ কৰাৰ লগতে সজাগতা সৃষ্টি কৰে ।
লগতে পঢ়ক-জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ দেহাৱসান