অসম

assam

ETV Bharat / state

দলং আৰু পকী পথ বিচাৰি টীয়ক এজাৰগুৰিবাসীৰ হাহাকাৰ

গান্ধী জয়ন্তীৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ টীয়ক এজাৰগুৰিবাসীৰ ৷ পিছপৰা অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত নেতা পালিনেতাৰ বিৰুদ্ধে অবহেলাৰ অভিযোগ টীয়কবাসীৰ ৷ পকী দলং আৰু পথ নিৰ্মাণৰ লগতে বিশুদ্ধ খোৱাপানী আৰু বাসস্থানৰ দাবী টীয়কবাসীৰ ৷ ৰাইজৰ অভিযোগ গান্ধীৰ আদৰ্শৰ কথা কৈ নেতাসকলে কেৱল কথাৰ ফুলজাৰি মৰাৰ বাহিৰে কাৰ্যক্ষেত্ৰত একো পৰিলক্ষিত নহয় ৷

By

Published : Oct 2, 2020, 4:44 PM IST

দলং আৰু পকী পথ বিচাৰি টীয়ক এজাৰগুৰিবাসীৰ হাহাকাৰ
দলং আৰু পকী পথ বিচাৰি টীয়ক এজাৰগুৰিবাসীৰ হাহাকাৰ

টীয়ক, 2 অক্টোবৰ :গান্ধী জয়ন্তীৰ দিনটোতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে টীয়ক এজাৰগুৰিবাসীয়ে ৷ দীৰ্ঘদিন ধৰি যাতায়তৰ দুৰৱস্থা , বিশুদ্ধ খোৱাপানীৰ অভাৱ , উপযুক্ত চিকিৎসাৰ অভাৱ আদি এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ অহা নৈপৰীয়া ৰাইজে গান্ধী জয়ন্তীৰ দিনটোতে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনাইছে ৷ এখন পকী দলং আৰু পথ নিৰ্মাণৰ লগতে বিশুদ্ধ খোৱাপানী আৰু বাসস্থানৰ দাবী তোলা টীয়কবাসীৰ অভিযোগ পিছপৰা অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত নেতা পালিনেতা সকলে সদায়েই অবহেলা কৰে ৷

গান্ধী জয়ন্তীৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ টীয়ক এজাৰগুৰিবাসীৰ

টীয়কবাসীৰ অভিযোগ স্বাধীনতাৰ সুদীৰ্ঘ কাল উকলি যোৱাৰ পাছতো গান্ধীৰ ৰামৰাজ্যৰ সপোন সাৰ্থক কৰাত চৰকাৰ চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে ৷ ৰাজনৈতিক নেতা, পালিনেতাসকলৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি স্থানীয় লোকসকলে কয় যে গান্ধীৰ আদৰ্শৰ কথা কৈ নেতাসকলে গান্ধী জয়ন্তীৰ দিনা কথাৰ ফুলজাৰি ঠিকেই মাৰে , কিন্তু কাৰ্যত তেওঁলোকে সেই আদৰ্শ পালনত কিমান গুৰুত্ব প্ৰদান কৰে তাৰ প্ৰমাণ টীয়কৰ এজাৰগুৰি গাঁও ৷ চৰকাৰৰ বিৰুদ্ধে গুৰুত্বহীনতাৰ অভিযোগ তুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে অঞ্চলটোৰ প্ৰায় 4 কিলোমিটাৰ অধিক দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণৰ বাবে তেওঁলোকে চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিও বিফল হৈছে ৷

আকৌ জাঁজী নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পাছতো কিন্তু এখন বাঁহৰ দলঙেৰে অতি বিপদসংকুলভাৱে ৰাইজে অহা যোৱা কৰি থাকিব লগীয়া হৈছে ৷ ৰাইজৰ অভিযোগ বহুদিনৰ পৰা তেওঁলোকে অঞ্চলটোত দলং নিৰ্মাণ হ'ব বুলি শুনিহে আছে কিন্তু কাৰ্যত তেওঁলোকে একোৱেই কাম আগবঢ়া দেখিবলৈ পোৱা নাই ৷ ক্ষুব্ধ ৰাইজৰ দাবী 2020 বৰ্ষ শেষ হোৱাৰ আগতেই চৰকাৰে শীঘ্ৰে পিছপৰা অঞ্চলটোৰ ৰাইজৰ বাবে খোৱাপানী আৰু বাসস্থানৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক ৷

লগতে পঢ়ক:যাত্ৰা: বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ

For All Latest Updates

ABOUT THE AUTHOR

...view details