অসম

assam

ETV Bharat / state

ৰাইজৰ সহায় বিচাৰিছে টীয়কৰ জটিল ৰোগত আক্ৰান্ত মহিলাই - ৰাইজৰ সহায় বিচাৰিছে টীয়কৰ জটিল ৰোগত আক্ৰান্ত মহিলাই

মৃদুলা নেওগৰ দুয়োটা বৃক্ক বিকল হৈ যোৱাৰ ফলত জীৱন মৰণৰ লগত যুঁজি আছে টীয়ক সমষ্টিৰ অন্তৰ্গত এজাৰগুৰি গাঁৱৰ এটা পৰিয়াল ।মহিলাগৰাকীৰ চিকিৎসাৰ বাবে বৰ্তমান প্ৰয়োজন লক্ষাধিক টকাৰ । সেয়ে পৰিয়ালটোৱে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন জনাইছে ।

ৰাইজৰ সহায় বিচাৰিছে টীয়কৰ জটিল ৰোগত আক্ৰান্ত মহিলাই
ৰাইজৰ সহায় বিচাৰিছে টীয়কৰ জটিল ৰোগত আক্ৰান্ত মহিলাই

By

Published : Mar 12, 2021, 12:44 PM IST

টীয়ক,১২ মাৰ্চ: টীয়ক সমষ্টিৰ অন্তৰ্গত এজাৰগুৰি গাঁৱৰ এটা পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা । পৰিয়ালটোৰ এগৰাকী সদস্য জটিল ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে এতিয়া পৰিয়ালটোৰ বাবে তীব্ৰ সংকট আহিছে । পৰিয়ালটোৰ সদস্য মৃদুলা নেওগৰ দুয়োটা বৃক্ক বিকল হৈ যোৱাৰ ফলত জীৱন মৰণৰ লগত যুঁজি আছে পৰিয়ালটো । ইতিমধ্যে সাঁচতীয়া সকলো ধন খৰছ কৰিও কোনো ফল পোৱা নাই। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া স্বামী প্ৰদীপ নেওগে পৰিয়ালটোৰ একমাত্ৰ ভৰসা গৰু হালো বিক্ৰী কৰিলে।

ৰাইজৰ সহায় বিচাৰিছে টীয়কৰ জটিল ৰোগত আক্ৰান্ত মহিলাই

মহিলাগৰাকীৰ চিকিৎসাৰ বাবে বৰ্তমান প্ৰয়োজন লক্ষাধিক টকাৰ । সেয়ে পৰিয়ালটোৱে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন জনাইছে । কোনো হৃদয়বান ব্যক্তিয়ে যদি কিছু সহায় কৰিব বিচাৰে ভাৰতীয় ষ্টেট বেংক টীয়ক শাখাৰ মৃদুলা নেওগৰ নামত থকা ৩১৪৮৫৮০৮৯৫৭ একাউন্ট নম্বৰৰ IFSC SBIN000১৭১৮ নম্বৰত জমা কৰিব পাৰিব । ইফালে ৯৩৬৫৯৬৪৮৭৭ ফোন নম্বৰত পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰিব ইচ্ছুক ব্যক্তিয়ে ।

লগতে পঢ়ক:শিৱসাগৰৰ শিৱ দ'লত পুত্ৰৰ হৈ প্ৰাৰ্থনা অখিলৰ মাতৃৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details