অসম

assam

ETV Bharat / state

উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান টীয়কৰ এগৰাকী যুৱকৰ - both kidney damaged

উন্নত চিকিৎসা লাভত হেঙাৰ হৈ পৰিছে দৰিদ্ৰতা । দুয়োটা কিডনী বিকল হৈছে টীয়কৰ প্ৰবীণ দত্তৰ । টেটত উত্তীৰ্ণ হৈ প্ৰবীন দত্তই নিযুক্তি লাভ কৰাত আনন্দিত হৈ পৰা পিতৃ-মাতৃৰ চকু এতিয়া উপচি পৰিছে চকুপানীৰে । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে সু-হৃদয়বান লোকক ।

উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান টীয়কৰ প্ৰবীণ দত্তৰ
উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান টীয়কৰ প্ৰবীণ দত্তৰ

By

Published : Dec 30, 2020, 5:48 PM IST

টীয়ক, ৩০ ডিচেম্বৰ: প্ৰথমে ব্ৰহ্মপুত্ৰৰ বানে নিমাতি অঞ্চলত থকা প্ৰবীণ দত্তৰ আপোন ঘৰখন উটুৱাই নিলে । চৰকাৰে টীয়কৰ কলিয়াপানীত সংস্থাপন দিয়াৰ পিছতো দুৰ্দশাৰ অন্ত পৰা নাছিল । বহু কষ্টৰ মাজতো উচ্চ শিক্ষাৰে শিক্ষিত হৈছিল প্ৰবীণ দত্ত । প্ৰবীণৰ সুন্দৰ ভৱিষ্যতৰ বাবে অশেষ কষ্ট কৰিছিল পিতৃ-মাতৃয়ে । শিক্ষা সাং কৰাৰ পিছতে প্ৰবীণে টীয়কৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিছিল ।

উন্নত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান টীয়কৰ প্ৰবীণ দত্তৰ

টেটত উত্তীৰ্ণ হোৱাৰ পিছত চাৰি মাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল প্ৰবীণে । দৰিদ্ৰ ঘৰখনত সুখে ভুমুকি মাৰিছিল । কিন্তু হঠাৎ যেন অমানিশা নামি আহিল পৰিয়ালটোলৈ । কিছুদিন পূৰ্বে চিকিৎসকে জনাইছে যে, প্ৰবীণৰ দুয়োটা কিডনী বিকল হৈ পৰিছে । এই বিষয়ে অৱগত হোৱাৰ পিছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ঘৰখনত । অসহায় হৈ পৰিছে হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰবীণৰ পিতৃ ।

ইতিমধ্যে সাঁচতীয়া ধনেৰে চিকিৎসা আৰম্ভ কৰিছে যদিও প্ৰবীণক এতিয়া উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ অৰ্থ । সেয়ে, প্ৰবীণ আৰু তেওঁৰ অসহায় মাতৃয়ে ৰাইজৰ পৰা সহায় বিচাৰিছে । প্ৰবীণৰ এই সংকটৰ সময়ত সহায় কৰিব বিচৰা লোকসকলে এচ বি আইৰ টীয়ক শাখাত থকা 30397156043 নম্বৰ আৰু IFSC SBIN0001718 জৰিয়তে আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব দুৰ্ভগীয়া পৰিয়ালটোক ।

লগতে পঢ়ক:গোলাঘাটত গ্ৰেপ্তাৰ দুই জাল নোট ব্যৱসায়ী

ABOUT THE AUTHOR

...view details