টীয়ক,১ জুলাইঃ যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী কলা সংস্কৃতিৰ অনুষ্ঠান নৃত্যাঞ্জলি একাডেমিয়ে বিগত ১৮ টা বছৰে টীয়ক তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ শিশুসকলক নৃত্য গীতৰ প্ৰশিক্ষণ প্ৰদান কৰি অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালকৈ সমগ্ৰ যোৰহাট জিলাতে এক সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিশু কন্ঠশিল্পী সমৰজিতৰ কন্ঠত বাণীবদ্ধ হোৱা আৰু নৃত্যাঞ্জলিৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অভিনীত এটি শিশু উপযোগী গীতৰ ভিডিঅ' নৃত্যাঞ্জলিৰ একাডেমিৰ প্ৰেক্ষাগৃহত সমূহ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগিতা শুভমুক্তি প্ৰদান কৰা হয় ।
টীয়কৰ নৃত্যাঞ্জলি একাডেমীৰ নতুন ভিডিঅ' এলবাম মুকলি
টীয়কৰ অন্যতম অগ্ৰণী কলা সংস্কৃতিৰ অনুষ্ঠান নৃত্যাঞ্জলি একাডেমিয়ে মুকলি কৰে একাডেমীৰ শিশুসকলৰ দ্বাৰা অভিনীত এক নতুন দৃশ্য-শ্ৰৱ্য মূলক সংগীত এলবাম ।
টীয়কৰ নৃত্যাঞ্জলি একাডেমীৰ নতুন ভিডিঅ' এলবাম মুকলি
নৃত্যাঞ্জলিৰ মুখ্য প্ৰশিক্ষক মাইনা ডেকাৰ পৰিচালনাত নিৰ্মাণ হোৱা এই গীতটিত আধুনিক প্ৰযুক্তিবিদ্যা VFX ব্যৱহাৰ কৰি শিশুসকলক এক নতুন অভিজ্ঞতা প্ৰদান কৰাৰ লগতে গীতটি অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰিবলৈ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিছে একাডেমিৰ সঞ্চালক গৰাকীয়ে ।