টীয়ক,7 জানুৱাৰী: অসমৰ লোক-সংস্কৃতিত ব্যৱহৃত বহু বাদ্যৰ অধিকাংশই বৰ্তমান পাহৰণিৰ গৰ্ভত ৷ সাংস্কৃতিক জগতৰ উত্তৰণৰ লগে লগে ন ন প্ৰযুক্তিবিদ্যাই ক্ৰমাৎ বহুবোৰ থলুৱা লোকবাদ্যৰ ব্যৱহাৰ নাইকীয়া কৰি পেলাইছে ৷ সেয়ে এই আপুৰুগীয়া লোকবাদ্যসমূহ প্ৰচাৰ, প্ৰসাৰ তথা সংৰক্ষণ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে টীয়কৰ মইনাপৰীয়া গাঁৱৰ এজন সংস্কৃতিবান যুৱক নৱজ্যোতি বৰুৱা ৷ যাৰ উদ্দেশ্য মাথো এটাই, পৰিৱৰ্তনৰ ধুমুহাত যাতে থলুৱা লোকবাদ্যসমূহ অস্তিত্বৰ সংকটত বিলীন নহয় ৷ পেঁপা বাদক হিচাপে পৰিচিত নৱজ্যোতিয়ে লোক সংস্কৃতিৰ জগতখনত বিগত ২৬ টা বছৰে অহৰহ কাম কৰি আহিছে ৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ নকৰাকৈয়ে প্ৰায় ৩২ বিধ লোকবাদ্য বজাই পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে যুৱকজনে ৷
সৰুৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত ভাওনা, দিহানাম, থিয়েটাৰ, ৰাস আদিত বাঁহী, পেঁপা, ঢোল, খোল আদি বজোৱাৰ লগতে বহু কেইপদ লোকবাদ্য নিজে সাজি উলিয়াইছে ৷ তাৰ ভিতৰত একতাৰা, দুতাৰা, কালি, পাও, দগৰ আদি অন্যতম ৷ উল্লেখ্য যে, নৱজ্যোতিয়ে ২০০৭ চনত চাৰে চাৰি কুইন্টল ওজন লৈ ম’হৰ শিঙৰ পেঁপা বজাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিছ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷