অসম

assam

By

Published : Aug 17, 2020, 10:54 AM IST

ETV Bharat / state

ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহায্য

১৯৯৪ চনৰ পৰাই ভাওনাৰ প্ৰতি যুৱচাক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে সাধনা অব্যাহত ৰাখিছিল টীয়ক ৰজাবাৰীৰ কৃষ্ণপদ কলিতাই । যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল কৃষ্ণপদ কলিতাই ৷ তেখেতৰ এই জীৱনজোৰা সাধনাই চৰকাৰী স্বীকৃতি লাভ কৰাৰ বাবে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে টীয়ক প্ৰেছ ক্লাৱে ৷

Teok Krishnapad Kalita get appreciation from Assam government
ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহাৰ্য

টীয়ক, 17 আগষ্টঃ নৱ প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহায্য ৷ ৰাজ্য চৰকাৰে ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঘোষণা কৰা শিল্পীৰ চৰকাৰী স্বীকৃতিৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল টীয়কৰ সত্ৰীয়া সাধকগৰাকীৰ ৷

ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহাৰ্য

উল্লেখ্য যে, ১৯৯৪ চনৰ পৰাই ভাওনাৰ প্ৰতি যুৱচামক আকৰ্ষিত কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে সাধনা অব্যাহত ৰাখিছিল টীয়ক ৰজাবাৰীৰ সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতাই । যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল কলিতাই ৷ তেখেতৰ এই জীৱনজোৰা সাধনাই চৰকাৰী স্বীকৃতি লাভ কৰাৰ বাবে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে টীয়ক প্ৰেছ ক্লাৱে ৷

আনহাতে, সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত এই স্বীকৃতিয়ে অনাগত দিনত নতুন নতুন কাম কৰি যাবলৈ কৃষ্ণপদ কলিতাক অধিক উৎসাহিত কৰা বুলি মন্তব্য কৰে ৷ লগতে লক ডাউনৰ ফলত বাৰুকৈ ক্ষতিগ্ৰস্ত ভাওনা,নাটক আদিৰ লগত জড়িত শিল্পীসকলৰ মাজত যি আৰ্থিক দৈন্যতাই দেখা দিছে, তাত হতাশ নহৈ নিজৰ দৃঢ় প্ৰতিভাৰে সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ আহ্বান জনোৱাৰ লগতে, গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিবলৈ শিল্পীসকলক আহ্বান জনায় তেওঁ ৷

লগতে পঢ়ক-লাম্পি সমস্যাক লৈ গোৰ্খা ছাত্ৰ সন্থাৰ অভিযোগ নস্যাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ

ABOUT THE AUTHOR

...view details