টীয়ক, 26 নৱেম্বৰঃ যোৰহাট জিলাৰ কাকজান কমাৰখাটোৱালত সংঘটিত হৈছে সোণ জালিয়াতিৰ ঘটনা ৷ অভিযোগ অনুসৰি দুমাহ পূৰ্বে কমাৰখাটোৱাল অঞ্চলৰ এখন জুৱেলাৰী দোকানত এগৰাকী মহিলাই ডেৰ তোলা ওজনৰ সোণৰ হাৰ তৈয়াৰ কৰিব দিছিল ৷ মঙলবাৰে মহিলা গৰাকীয়ে যোৰহাটৰ HDFC বেংকত এটা গোল্ড লোণ লোৱাৰ উদ্দেশ্যে ডেৰ তোলা সোণ হিচাপে ৰাখি বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি সোণখিনি পৰীক্ষা কৰায় ৷ কিন্তু পৰীক্ষণৰ অন্তত আশ্চৰ্যজনকভাৱে বেংক কৰ্তৃপক্ষই সোণ খিনিৰ মূল্য এহেজাৰৰো কম বুলি অৱগত কৰে ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে নিৰুপায় হৈ সোণাৰীৰ দোকানত আহি সমগ্ৰ ঘটনা অৱগত কৰাত সোণাৰীজনে মহিলাগৰাকী ভাবুকি প্ৰদান কৰে ৷
যোৰহাটত সংঘটিত সোণ জালিয়াতিৰ ঘটনা - Jorhat fake gold news
যোৰহাট জিলাৰ কাকজান কমাৰখাটোৱালত সংঘটিত হৈছে সোণ জালিয়াতিৰ ঘটনা ৷ ডেৰ তোলা ওজনৰ সোণৰ হাৰৰ মূল্য পৰীক্ষণৰ অন্তত এহেজাৰৰো কম বুলি বেংক কৰ্তৃপক্ষই ভুক্তভোগী মহিলাক অৱগত কৰে ৷
![যোৰহাটত সংঘটিত সোণ জালিয়াতিৰ ঘটনা Teok Jwellery shop fake gold racket](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5187311-thumbnail-3x2-t.jpg)
যোৰহাটত সংঘটিত হৈছে সোণ জালিয়াতিৰ ঘটনা
যোৰহাটত সোণ জালিয়াতি
উল্লেখ্য যে, মহিলাগৰকীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে লাহদৈগড় আৰক্ষীয়ে সোণাৰীজনক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক- ৰঙিয়াত এখন দলঙে মাতিছে বিপদ