যোৰহাট, 7 জুনঃ যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিবৰ বাবে বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে অসম সন্তান তথা নেদাৰলেণ্ড চৰকাৰৰ হৈ ভাৰতত বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত হিচাপে কৰ্মৰত অম্লান বৰাই ।
গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিবলৈ অম্লান বৰা বিশেষ পৰিকল্পনা - অম্লান বৰা
দীৰ্ঘদিন ধৰি পশুপালন, মৎস্য ব্যৱসায়ৰ সৈতে জড়িত অঞ্চলটোৰ লোকসকলে প্ৰণালীৱদ্ধ ভাৱে অথবা বিজ্ঞানসন্মত ভাৱে এই কাৰ্যত জড়িত নোহোৱাৰ বাবে কষ্ট কৰা অনুযায়ী ফল পাবলৈ সক্ষম হোৱা নাই । সেয়ে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ অম্লান বৰাৰ ।
প্ৰচুৰ সম্ভাৱনাময় দুগ্ধ উৎপাদন, মৎস্য পালন, গাহৰি পালন বিজ্ঞানসন্মত ভাৱে আগবাঢ়িবলৈ আহ্বান জনায় অম্লান বৰাই । প্ৰণালীবদ্ধ পদ্ধতিৰে যিকোনো কামৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি বুলিও মন্তব্য কৰে । বৰাই জাঁজীমুখৰ কেতবোৰ অঞ্চল পৰিদৰ্শন কৰি স্থানীয় কেইবাগৰাকী ব্যক্তিৰ সৈতে সাক্ষাৎকাৰত বৰাই কয় দীৰ্ঘদিন ধৰি পশুপালন, মৎস্য ব্যৱসায়ৰ সৈতে জড়িত অঞ্চলটোৰ লোকসকলে প্ৰণালীবদ্ধ ভাৱে অথবা বিজ্ঞানসন্মত ভাৱে এই কাৰ্যত জড়িত নোহোৱাৰ বাবে কষ্ট কৰা অনুযায়ী ফল পাবলৈ সক্ষম হোৱা নাই । সেয়ে এই সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়োজন । ব্ৰহ্মপুত্ৰৰ পাৰৰ জাঁজীমুখৰ নৈসৰ্গিক পৰিৱেশত মুগ্ধ অম্লান বৰাই দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰা প্ৰচুৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে বৰাই । অঞ্চলটোৰ চহকী সমল সমূহ একত্ৰিত কৰি গ্ৰাম্য অৰ্থনীতিক তৰান্বিত কৰিব পৰাকৈ ইক' টুৰিজিমৰো পোষকতা কৰে বৰাই ।
লগতে আন এটি বাতৰি- গ্ৰীষ্মই আনিছে ভিন্নৰঙী আশাৰ বতৰা