টীয়কত ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া - teok news
টীয়কত উপস্থিত চিকিৎসক দেৱেন দত্তৰ দলবদ্ধ হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথ ৷ বিষয়াজনে টীয়ক চাহ বাগিচাৰ চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে ডাঃ দেৱেন দত্তৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷
টীয়ক, 7 ছেপ্তেম্বৰঃ টীয়ক চাহ বাগিছাত যোৱা ৩১ আগষ্টত উদণ্ড চাহ শ্ৰমিকৰ অপ্ৰৰোচিত আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হোৱা ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক ক'ৰ্টৰ জৰিয়তে সম্পন্ন কৰাৰ দায়িত্ব অৰ্পণ কৰা ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথ শনিবাৰে টীয়কত উপস্থিত হয় ৷ তদন্তকাৰী বিষয়াজনে জগদুৱাৰস্থিত ডাঃ দেৱেন দত্তৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় । লগতে ঘটনাটো সংঘটিত হোৱা টীয়ক চাহ বাগিচাৰ চিকিৎসালয়খনো পৰিদৰ্শন কৰে ৷