যোৰহাট, ২৬ ডিচেম্বৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল যোৰহাট জিলাৰ টীয়কৰ খেলুৱৈ । এই খবৰে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ যোৰহাটবাসী ৰাইজক । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্টাৰনেশ্যনেল ফেডাৰেছন অফ মুৱাইথাই এচচিয়েছন চমুকৈ IFMA ৰ খান ছেমিনাৰৰ চূড়ান্ত প্ৰতিযোগিতাত নিজৰ সমৰ কলাৰ পাৰদৰ্শিতাৰে ১৩ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে টীয়কৰ এজন যুৱকে । যুৱকজন যোৰহাটৰ টীয়ক নগৰৰ তিনি নং ৱাৰ্ডৰ নৱজিৎ কৈৰী । নৱজিতৰ এই কৃতিত্বত পৰিয়ালৰ মাজত সুখৰ বন্যা বোৱাৰ লগতে বিভিন্ন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰাৰ উপৰিও উজ্জল ভৱিষ্যতৰ কামনা কৰে ।
সমৰ কলাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল টীয়কৰ নৱজিৎ - ১৩ নম্বৰ স্থান দখল টীয়কৰ নৱজিত কৈৰীৰ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্টাৰনেশ্যনেল ফেডাৰেছন অফ মুৱাইথাই এচচিয়েছন চমুকৈ IFMA ৰ খান ছেমিনাৰৰ চূড়ান্ত প্ৰতিযোগিতাত নিজৰ সমৰ কলাৰ পাৰদৰ্শিতাৰে ১৩ নম্বৰ স্থান দখল টীয়কৰ নৱজিৎ কৈৰীৰ । কেইবাটাও ৰাষ্ট্ৰীয় সন্মান বুটলি বিগত ছয়টা বছৰে টীয়কৰ বাগান খেলপথাৰত একক প্ৰচেষ্টাত সমৰকলাৰ এখন বিদ্যালয় স্থাপনৰ কৰি বহুতো ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে নৱজিতে ।
সমৰ কলাত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলা নৱজিত
উল্লেখযোগ্য যে, নৱজিৎ কৈৰীয়ে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান বুটলি বিগত ছয়টা বছৰে টীয়কৰ বাগান খেলপথাৰত একক প্ৰচেষ্টাত সমৰকলাৰ এখন বিদ্যালয় স্থাপনৰ কৰি বহুতো ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। নিতৌ নিজৰ কৰ্ম ব্যস্ততাৰ মাজতে কণ কণ প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দি তেওঁলোকক শাৰীৰিক-মানসিক তথা আত্ম প্ৰতিৰক্ষাৰ কলাৰ প্ৰশিক্ষণেৰে সুস্থ সবল কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
লগতে পঢ়ক: আমগুৰিত ৰাইজৰ দলৰ পূৰ্ণাংগ সমিতি গঠন