অসম

assam

By

Published : Sep 1, 2019, 9:30 PM IST

ETV Bharat / state

টীয়কৰ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া

শনিবাৰে টীয়ক চাহ বাগিছাত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ ঘটনাস্থলীত উপস্থিত হয় উচ্চপদস্থ আৰক্ষী বিষয়া ৷ ঘটনাৰ লগত জড়িত মুঠ 21 জনক আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

টীয়কৰ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া

টীয়ক,1 ছেপ্টেম্বৰঃযোৰহাটৰ টীয়ক চাহবাগিছাত একাংশ চাহ শ্ৰমিকৰ হাতত প্ৰাণ আহুতি দিয়া চিকিৎসক দেৱেন দত্তৰ মৃত্যুয়ে সমগ্ৰ যোৰহাটৰ লগতে ৰাজ্য কঁপাই তুলিছে ৷ শনিবাৰে যোৰহাটৰ টীয়কত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাৰ সৈতে জড়িত মুঠ ২১ জনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে টীয়ক আৰক্ষীয়ে । ইতিমধ্যে আইন শৃংখলাৰ দায়িত্বত থকা উপ মহাপৰিদৰ্শক দীপক কেডিয়া সহ আৰক্ষীৰ উচ্চপদস্থ বিষয়া টীয়কত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যোৰহাট জিলাৰ উপায়ুক্তই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।

টীয়কৰ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details